কিনকিনীয়া এজাক বৰষুণ আহি
কাণে কাণে ক'লেহি
এইয়া বৰষা
হৃদয়ত কোণত বাজি উঠিল বৰষাৰ জুনুকা ৷
স্মৃতিৰ বিষাদে কঢ়িয়াই অনা যাতনাবোৰ
আঁতৰি যোৱাৰ চেষ্টা কৰিলে নিমিষতে ।
দুই ওঁঠৰ ফাঁকেৰে সৰকি গ'ল
এটা মিঠা হাঁহি
কোনোবা এটা বৰষাৰ আবেলিৰ কথা মনত পৰি ৷
নিগৰি আহিল এটি গীতৰ কলি
কাৰণ এইয়া যে বৰষা ৷







