সেউজ প্ৰেম (পিকি পাৰবীন)


তাহানিতেই শিৰচ্ছেদ কৰা
সপোনবোৰৰ তেজত
মই স্নান কৰিছিলো নিতে,
মই প্ৰায়শ্চিত হৈছিলো
সপোন নেদেখাৰ....
একপ্ৰকাৰ অস্পৃশ্যতাৰ বুকুত
মোৰ এই পণে থিতাপি লয়
মই সপোন নেদেখিম বুলি.... ৷
আজি দুভৰি নিজেই
প্ৰচুৰ আগ্ৰহত ওলমিছে,
সেউজীয়া বৰণৰ প্ৰেমে
মন পদূলিৰ দুৱৰি মাৰিছে..
হৃদয়ে ঢাপলিয়াইছে
সফলতাক ফৰ্মুটিয়াবলৈ... ৷

ঠিকনাঃ পুঠিমাৰী মহাবিদ্যালয়,
সোণেশ্বৰ