বিশ্বাসৰ এক বতাহ
শুকান মৰুভূমিত
আজুৰিব পাৰে
একতাৰ শব্দৰ বৰষুণ ।
ঠিকনাবিহীন জন সমূদ্ৰত
আঁতৰাই কলীয়া ডাৱৰৰ আঁচল
চৌপাশে বিয়পাই স্নিগ্ধ জোনাকৰ সুবাস ।
বন্ধুত্বই যে প্ৰেৰণাৰ উৎস
অনিশ্চয়তাৰ দোলোনাত
শীতলাব পৰা মমতাময়ী এক প্ৰচ্ছায়া
সজাই তুলে কাঁইটীয়া বননিত
বসন্তৰ মেলা……
কোমল কলিজাত আঁকি যায়
সেউজীয়া জেতুকা পাতৰ বোল ।
ঠিকনাঃ ডিব্ৰুগড়







