তাই কান্দিছে চকুলো মোহাৰিছে…
গোপনে কোনেও নেদেখাকৈ… ।
তাই আজি ক'ব নোৱাৰে কাৰো আগত…
তাই বুকুৰ মাজত উমি উমি জ্বলি থকা
সেই জুইকুৰা কথা ৷
ক'লেও জানো কোনোবাই বুজিব তাইৰ দুখ ?
আজি যেন তাই এজনী ডেউকা ভঙা পক্ষী
ধৰ ফৰাই ফুৰিছে তাই আজি এবুকু যন্ত্ৰণা লৈ… ৷
হেৰাই গ'ল আজি তাইৰ দুচকুৰ ৰঙীন সপোনবোৰ
আশাৰ বালিঘৰ ভাঙি গ'ল…
অজানিতে আজি তাই
বুকুৰ আপোনজন অচিনা হৈ ৰ'ল… ৷
সুমৰ জুইক সাক্ষী কৰি
চিৰজীৱন সুখে দুখে লগত থাকিম বুলি কোৱা
বুকুৰ আপোনজন কেনেকৈ পৰ হ'ল আজি হঠাৎতে… ?
বুজিও যেন নুবুজিলে তাই সেইজনৰ কথা
যি মৰমৰ নামত কৰি আহিছিল তাইক মাথো প্ৰতাৰণা
এতিয়া
এতিয়া যেন তাই এটি মৃতদেহ
মাথো জীয়াই থকাৰ নামত
যি কৰি আছে
মাথো অভিনয়
সুখী হোৱাৰ অভিনয়… ৷
নভবাকৈ আহিল তাই জীৱনলৈ
এজাক কালৰ ধুমুহা…
যি থান বান কৰি গ'ল তাই জীৱন
তাই সপোন তাই আশাবোৰ
দুহাতৰ মুঠিত দি গ'ল এখনি হৃদয়
ভগ্ন হৃদয় ৷







