পিতাই আহিব বুলি (প্ৰাঞ্জল ৰাজখোৱা)

আজিচোন পিতাই ইমানপৰেও আহি পোৱাহি নাই ৷ আগতে পিতাই কান্ধত নাঙলটো, হাতত মাছেৰে বগা হৈ অহা জালখন লৈ গৰু জাক খেদি খেদি সন্ধিয়া ভগাৰ আগে আগে ঘৰ সোমায়হি ৷ আজি ক'তো অঘটন হোৱা নাইটো ৷ এইবোৰ কথাকে ভাবি সোণমইনা নঙলা মুখতে দেউতাক অহালৈকে বাট চায় আছে।
তেনেতে হাতত চাকিটো লৈ তাক বিচাৰি বিচাৰি মাক তাৰ কাষ পায়হি ৷

- সোণমইনা কি কৰি আছ ইয়াত ? দেখা নাই বহুত এন্ধাৰ হ'ল ভিতৰলৈ যাওঁ ব'ল ।
- আই… পিতাই অহালৈকে ৰৈ আছো ৷
- সোণমইনা পিতাই আৰু নাহে নহয় ৷ পিতাই এতিয়া তৰাৰ দেশত ৷
- আই
- উম
সোণমইনা মাকৰ হাতত জ্বলি থকা চাকিৰ ঢিমিক ঢিমিক পোহৰত জিলিকি উঠিছিল মাক আৰু সোণমইনাৰ দুগালত দুটুপাল চকুপানী ৷