স্বাধীন মানেই মুক্ত ৷ কাৰোবাৰ অধীনৰ পৰা মুক্ত হোৱাই স্বাধীনতা । স্বাধীনতা সকলোৰে
জন্মগত অধিকাৰ । স্বাধীনতাৰ আছে এক নিজস্ব মাদকতা । ১৯৪৭ চনৰ ১৫ আগষ্ট ৰ দিনা শত-
সহস্ৰ দেশ প্ৰেমীৰ অশেষ যুজ আৰু ত্যাগৰ বিনিময়ত স্বাধীন হোৱা আমাৰ দেশ ।
অথচ্ ইমান এটা গৌৰৱৰ দিন স্বাধীনতা দিৱসৰ উদযাপন কৰাৰ সলনি আমি পাৰ কৰো ভয় সংশয়ৰে এটা দিন । স্বাধীনতা দিৱসৰ কিছুদিন আগৰ পৰা আৰক্ষীৰ তালাচী; আইনী ধাৰা । আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেহুৰ মাজত পাৰ হয় স্বাধীনতা দিৱস ।
স্বাধীনতা মানেই যেন এতিয়া এক নিৰাপত্তাহীনতা দিৱস । বন্ধ কোঠাৰ ভিতৰত এতিয়া উদযাপন স্বাধীনতাৰ । দুৱাৰখন খুলিলেই যেন ৰৈ থাকিব সিপাৰে মৃত্যু দূত । হঠাৎ যেন বোমাৰ শব্দই পুৰি ছাৰখাৰ কৰি যাব এখনি সুখৰ সংসাৰ । পতকা উত্তোলন কৰিবলৈ অহি উগ্ৰপন্থীৰ বোমাত নিস্তব্ধ হৈ ৰোৱা অবোধ শিশুৰ আত্মাৰ চিঞৰত আজিও স্তব্ধ হৈ ৰয় স্বাধীনতাৰ সংজ্ঞা ৷
স্বাধীনতাৰ ৭০ বছৰৰ পাছতো এতিয়াও যেনিয়েই চোৱা যায় তেনিয়েই মাথো দেখা পোৱা যায় হা- হতাশা, অভাৱ অভিযোগৰ চিঞৰ । হত্যা হিংসা লুণ্ঠনৰ চিৎকাৰ । সৎজনৰ কণ্ঠ ৰূদ্ধ কৰাৰ এশ এবুৰি প্ৰচেষ্টা ।
স্বাধীনতা মানে নহয় জানো পৰিৱৰ্তন, উন্নতিকামী দেশৰ চিন্তা । কিন্তু ক'ত পৰিৱৰ্তন , কিহৰ উন্নতি । সাধাৰন মানুহৰ সপোন ওফৰাই অসাধু সকলে নিৰ্মাণ কৰে চাং বঙলা । স্বাধীনতা দিৱসৰ দিনা বিয়াগোম নেতা পালিনেতাৰ ভাষণ । নিজৰ আৰ্দশক বিৰ্সজন জনাই লুণ্ঠনকাৰী নেতাসকলৰ বন্দনা কৰি মগ্ন হৈ থকা সকলৰহে গঢ়ি উঠিল বৃহত্তৰ অট্টালিকা, সম্পত্তিৰ হিচাপহীন পাহাৰ । বিদেশীয়ে দেখ দেখকৈ শাসন কৰা গাদীত আজি এচাম দেশী নেতাৰ অপশাসন । এতিয়া দেশৰ মানুহৰ মাজত চলে খোৱা- কামোৰা ।
এয়াই সপোনৰ স্বাধীনতাৰ বাস্তব ৰূপ । আজিৰ স্বাধীনতা ঠগ প্ৰৱঞ্চনা বিশ্বাস ভংগৰ এক কৰুণ অধ্যায় । জীৱশ্ৰেষ্ট মানুহ পশুৰ শাৰীলৈ ৰূপান্তৰিত হোৱা দেশত ভুৱা স্বাধীনতাৰ বন্দনা ।
ইমানখিনিৰ পাছতো আনন্দৰ মাজেৰে স্বাধীনতা উদযাপন কৰা আশা । অনাগত দিনবোৰত সঁচা অৰ্থত উদযাপন হ'ব স্বাধীনতা । উদযাপন হ'ব শত সহস্ৰ দেশপ্ৰমীৰ ত্যাগক সঁচা মূল্যৰে দিবলৈ বিচৰা স্বাধীনতা দিৱস । শিশুৰ মৃত্যুৰ কিৰিলিত নহয় দেৱ শিশুৰ হাঁহিত উদযাপন হ'ব স্বাধীনতা । পৰিশেষত আশা কৰো যাতে গণৰাজ্যিক গণতন্ত্ৰৰ প্ৰকৃত অৰ্থত সোণ হৈ জিলিকিব স্বাধীনতা ।
ঠিকনাঃ দেৰগাওঁ, গোলাঘাট
দূৰভাষঃ ৯৭০৬৫৬৪২১৪