স্বপ্নাতুৰ (স্নিগ্ধা হাজৰিকা)

ৰেলৰ দীঘলীয়া উকিটোতহে উচপ খাই উঠিছিল অৰিন্দম । তাৰ মৰম গচকি মোহাৰি গুচি যোৱা ৰিতু স্বপ্নাৰ প্ৰতি থকা ভালপোৱা মিছা নাছিল আৰু সি তাইক কেতিয়াও পাহৰিব নোৱাৰে ।
সেইদিনাৰ কথা আজিও তাৰ মনত আছে । তাইক প্ৰথমবাৰৰ বাবে মেখেলা চাদৰত দেখি সি কিদৰে মনৰ কথাবোৰ কৈ পেলাইছিল । তাৰ পাছৰ পৰাই আৰম্ভ হৈছিল সিহঁতৰ ভালপোৱা । মাক দেউতাক নোহোৱা ৰিতু স্বপ্না ডাঙৰ হৈছিল দদায়েক খুৰীয়েকৰ তত্ত্বাৱধানত ।
লাহে লাহে সময়বোৰ পাৰ হ'বলৈ ধৰিল । ঘৰত তাইৰ বিয়াৰ কথা আলোচনা হ'বলৈ ধৰিলে । অৰিন্দম আৰু ৰিতু স্বপ্নাৰ ভালপোৱা গভীৰ হ'বলৈ ধৰিলে । কিন্তু তাই এই কথা ঘৰত কাকো জনোৱা নাছিল । এদিন গাৱঁৰ কাৰোবাৰ মুখত সিহঁতৰ সম্বন্ধৰ কথা গম পাই দদায়েক খুৰীয়েকে তাইক সকীয়াই দি তাৰ লগত থকা সকলো সম্বন্ধ এৰিবলৈ কলে । বহুত বুুজোৱাৰ পাছত তাই অৰিন্দমক লগ নধৰা হ'ল ।
ৰিতুস্বপ্না বিয়া হৈ গ'ল কাষৰ গাৱঁৰ এজন ল'ৰালৈ । কিন্তু অৰিন্দম ৰৈ থাকিল একে ঠাইতে তাইৰ অপেক্ষাত অকলশৰীয়াকৈ ।

আজি প্ৰায় সাত আঠ মাহৰ পাছত তাৰ গাৱঁৰে মানুহৰ মুখত অৰিন্দমে ৰিতু স্বপ্না বিষয়ে ঘুনুক- ঘানাক কৈ কিছুকথা শুনা পাইছিল । অৰিন্দমো এতিয়া সেই গাৱঁলৈ দুদিনৰ বাবে আহে । ৰিতু স্বপ্নাৰ বিয়াৰ পাছত সিওঁ গুচি গৈছিল বাহিৰৰ দেশলৈ তাৰ অতীত বোৰ বুকুত সামৰি ।
বিয়াৰ পাছত ৰিতু স্বপ্নাক গিৰীয়েকে লগত লৈ গৈছিল বাহিৰলৈ চাকৰি সুত্ৰে ।
প্ৰথম অৱস্থাত সকলো ভালে আছিল । বিয়াৰ ঠিক তিনি মাহ মানৰ পাছত তাই নজনাকৈ তাইক বিক্ৰী কৰি দিছিল এজন দালালৰ হাতত তাইৰ গিৰীয়েকে । তাৰ পাছত গিৰীয়েক অন্তধান হ'ল । সেই দালালে নি তাইক এখন বেশ্যালয়ত বিক্ৰী কৰিলে ।
বেশ্যালয়ত তাই বহুতদিন বন্দী হৈ থাকিল । কিন্তু লাহে লাহে তাই সকলো স্বীকাৰ কৰি লবলৈ বাধ্য হ'ল । এটা সময়ত তাই সম্পূৰ্ণ এগৰাকী বেশ্যা ৰূপে পৰিণত হ'ল । নিতৌ তাইৰ দৰদাম হ'বলৈ ধৰিলে ।
ক্ৰমশঃ এদিন তাইৰ ৰূমত সোমাল তাইৰ গাৱঁৰে এজন যুৱক, তাইৰ ভাতৃ সদৃশ । সিওঁ চাকৰি সুত্ৰে বাহিৰত থাকে । দুভাগ্যবশত সি তাৰ লগৰ জনৰ লগত আহি বাধ্যতামূলক সেই ঠাই পাই তাইক লগ পালে । তাইৰ সকলো কথা জানি কিদৰে তাই সেই সেই ঠাই পালেগৈ সকলোবোৰ শুনি তাইক মুক্তি কৰাৰ চেষ্টা কৰিলে । এটা সময়ত তাই সেই বেশ্যা লয়ৰ পৰা পলাই আহিবলৈ সফল হ'ল ।
এই সকলোবোৰ কথা অৰিন্দমে গম পাই থৰ বিচুতি খালে । ৰিতু স্বপ্নাক সেই ৰূপত আৰু নাচাওঁ বুলি সি পুনৰ গুচি গ'ল দূৰ দেশলৈ আৰু কোনোদিনে সেই গাৱঁলৈ ওভতি নহাৰ সিদ্ধান্তলৈ ।
ৰেলৰ দীঘলীয়া উকিটোত উচপ খাই উঠিছিল, বহু সপোন দেখিছিল সি । ভাৱিছিল তাই বহুত সুখত আছে আৰু তাইৰ সুখতেই তাৰ সুখ । তাই যি কৰিলেও কিন্তু , সি কোনোদিন গেলিবলৈ দিয়া নাছিল তাইৰ প্ৰতি থকা মৰম ভালপোৱা । অতীতক স্মৃতি কৰি জীয়াই থাকিবলৈ শিকিছিল সি আৰু কিহৰ বাবে তাইৰ এনে হ'ল সেইবোৰৰ যুক্তিও সি নিবিচাৰে এতিয়া । মাথোঁ জীয়াই থাকিব বিচাৰে তাইৰ পৰা আঁতৰি বহু দূৰত অকলশৰে ।