মই তোমাৰ খোপাৰ ওপৰত উঠি আছো
যেতিয়া তুমি ন- বোৱাৰী ৰূপে আহিছিলা
সজীৱ মনৰ ডেউকাৰে
ডাঙৰ সৰু চিনাকী
মই যে ওৰণি ৷
মই তোমাৰ হাঁহিয়ে মুখামুখ কৰো
সকলোকে শ্ৰদ্ধা কৰো
কিন্তু এতিয়া মোক কিয় পেলাই দিলা
তোমাৰ বাহু মজিয়ালৈ ৷
দুখটো দিয়া নাই
আকৌ,
তোমাৰ ডালি ডালি চুলিৰ
খোপাৰ চিহ্ন দেখোন
বেণী গাঁথিলা,
তোমাৰ খোপাটো খোলা নাছিলো
তুমি এতিয়া লাজ পাইছা
সৌ শইকীয়া, বৰুৱা, হাজৰিকাহতেঁ যে কয়
সৌ ন-বোৱাৰী মূৰলৈ চোৱা
এজনী গাভৰু ছোৱালী
গাৱঁৰ সভ্য মহিলাৰ পৰিচয় নাইকিয়া হ'ল
কিন্তু ?
মই কোৱা কাৰণে বেয়া নাপাবা
সঁচাকৈয়ে কৈছো
ওৰণি হৈ তোমাৰ দেহত
আকৌ সোমাব বিচাৰো বোৱাৰী
দিবানে এডোখৰ ঠাই ৷







