মিস্ত্ৰী (যোগেশ গগৈ)


গগন চুম্বী অট্টালিকা
হাতৰ পৰশত প্ৰাণ পাই
জীৱন্ত কৰিছা তুমি
তোমাৰ শ্ৰম ঢালি
আনৰ আশা পূৰ্ণ কৰি
তুমিতো থাকা তলৰ
জুপুৰি বস্তি বাৰীত
এতিয়া অনুমতি নহ'লে
কাষলৈ যাব নোৱাৰা
ক'লা কাঁচৰ কোঠালিত
ৰঙীন পোহৰত
সঙ্গীতৰ মূৰ্ছনাত
লহৰি নাচে নৰ্তকীয়ে
বাহিৰত কেতিয়াবা
বতাহত ভাঁহি আহে
কৰুণ বিননি
কংক্ৰিট কঁপি
সাৰপাই উঠে শিলে

ঠিকনাঃ লক্ষীপথাৰ ডিগবৈ