শুভৰাত্ৰি…
শুভৰাত্ৰিবোৰে ভালকৈ শুব নিদিয়ে
পতিয়ন নিয়াব নোৱাৰে ৰাতিৰ সূৰ্য
শুভ কি অশুভ কি
চাৰিটা চুকত চাৰিটা চকুৱে তিৰবিৰাই থাকে
শুভ মানেই কি টোপনিৰ বেশ
ধুনীয়া সপোন পৰীৰ দেশ !
সমস্যাৰ সমাপ্তি
প্ৰাপ্তিৰ চূড়ান্ত এভাৰেষ্ট !
শুভৰাত্ৰি…
কিমান ৰাতি অশুভ চিঞৰ শুনিছো
অশুভ সপোনৰ স'তে যুজিছো
টঁ টঁ কৈ চাই অাছো ঘিটমিট অান্ধাৰ
উঠিছো বহিছো চটফটাই
শুকান ডিঙিত ঢালিছো বাহী পানীৰ কলহ
শিয়ালৰ মাতৰ উৎস শুনিছো
পুৰণি উৱলি যোৱা লেফাফা খুলিছো
এইয়া জানো শুভৰাত্ৰি !
জমাৰ চন্দুক খালি
প্ৰেমৰ ডেৰাজত শুকান ফুলৰ পাহি
কোন ৰমণীৰ মৰহা হাঁহি
ৰাতিৰ বাট বুলি খামুচি ধৰে
হি অাহি
যোৰকৈ কোনো নাহে
না টোপনি না নিঃসংগ সংগম
দেহেজত গুচি যায় চব,
চোতাল সুদা কৰি
এইয়া জানো শুভৰাত্ৰি !
শুভৰাত্ৰি…
শুভেচ্ছাৰ চেঁচা মাত
নিচুকনি নিমজ হাত
ঠিকনা হেৰুৱা অচিন চহৰৰ বাট
কেনেকৈ শুভ হওঁ !
শুবলৈ মোৰ ভয়
জানোচা ক্ষন্তেকৰ বাবে
পাহৰি পেলাওঁ পৃথিৱীৰ প্ৰেম ৷
ঠিকনাঃ মুগুৰীয়া, পাঠশালা
ৱাৰ্ড নংঃ ০৫
পোঃ পাঠশালা
জিলাঃ বৰপেটা
পিনঃ ৭৮১৩২৫
দূৰভাষঃ ৯৬৭৮৬৮০৩৯০







