ভিক্ষাৰ পাত্র লৈ আৰু কেইটিমান ডবা
অন্তহীন বেদনা বুকুত বান্ধি
এক নতুন যুগৰ সপোন ৰঁচাৰ আশা,
কিজানিবা প্রত্যাশা বোৰক বাস্তৱলৈ
ৰূপান্তৰ কৰিব পাৰি ৷
আৰু কিমান দিনলৈ......
আৰু কিমান দিনলৈ কটাব লাগিব
আমি ফুটপাথত
বিনিদ্র ৰজনী,
মানুহৰ কোলাহলৰ মাজত থাকিও
আমি অসহায় আৰু নিৰুপায় ৷
কোনোৱে কয়
আমি চুৰ আমি চৰিত্রহীনা,
কিন্তু আমি বাৰু
কিয় তেনেকোৱা ?
কোনোবাই ভাবি চাইছেনে ?
আমাৰ কথা ভাবিবলৈ সিহঁতৰ সময়ে বা ক'ত ?
পেটৰ তাড়নাত যেতিয়া শিকলি চিগে
আমি চিঞৰি উঠো,
আৰু তাৰ লগে লগেই
আমি বিদ্রোহী হৈ পৰো ৷
বিদ্রোহী হৈ পৰো
সেই আধুনিকতাৰ পোছাকত
ভদ্ৰতাৰ পৰিচয় দিয়া
মানুহৰূপী দালাল সমাজৰ ৷
তেতিয়াই নাম পৰে আমাৰ
চুৰ, ডকাইট কিম্বা চৰিত্রহীন বুলি ৷
আমিওটো মানুহ,
আমিও সপোন দেখো
মা- দেউতাৰ হাতত হাত ধৰি
বিদ্যালয় যোৱাৰ
একাজলি মৰম পোৱাৰ....
কিন্তু,
আমিবোৰ যে নিৰুপায়
মানুহৰ মাজত থাকিও
আমি অকলশৰীয়া ৷
ঠিকনাঃ দিকচু, শিৱসাগৰ
দূৰভাষঃ ৭৫৭৬০৩৭৪৮৫







