নিশাৰ আন্ধাৰবোৰ
ক্ৰমান্বয়ে গভীৰ হৈ আহিছে
মোৰ মনত বাহ লোৱা ভয়টোও
বাঢ়ি আহিছে ক্ৰমান্বয়ে
ক'ব নোৱাৰো কিয় আজি এনে হৈছে
আন্ধাৰ যেন কেৱল মোৰ বাবেই নামি আহিছে
মোক ভক্ষণ কৰিবলে
কিম্বা
মোৰ দংশনৰ বাবে
হায়;
ক'ত সোমাই পৰিলো মই
দেখা পোৱা নাই পোহৰৰ এটা বিন্দুও
নাই পথৰ জোনাকী পৰুৱাবোৰো
আন্ধাৰে মোক আগচি ধৰিছে
য'ৰ পৰা পোহৰলৈ বহুদূৰ বাট
নাই;
পোহৰলৈ মই ৰ'ব নোৱাৰো
আজিৰ এই আন্ধাৰত মোৰ চকুযুৰি অন্ধ হৈ যাব
শিথিল হৈ পৰিব মোৰ শৰীৰ
এই অন্ধকাৰৰ পিঞ্জৰাৰ পৰা
ওলাব নোৱাৰিম মই
অসহায় মই
অসহায় নাৰী মই
যাৰ শেষ কেৱল আন্ধাৰৰ গৰ্ভত ৷







