জয়াল নিশাবোৰত,
চিনাকি অন্ধকাৰখিনিৰ সৈ'তে
হাত মিলাই
খেপিয়াই খেপিয়াই আগবাঢ়িছিলো
অজান বাটত ৷
হঠাৎ
এখন উজ্জ্বল হাত
বিচ্ছুৰিত পোহৰৰ ভড়াল আছে যেন
তেওঁৰ কলিজাত
জোনাকী পৰুৱা বুলিয়েই আঁকোৱালি লৈছিলো
ভাবিছিলো মিছা মৰমৰ আঁৰত
দুয়ো মিলি উমলিম
আকৌ এবাৰ ৷
ছাঁ- পোহৰৰ খেলৰ মাজত
শব্দৰ যাদুকৰী বাণ মাৰি
ৰচিম দিয়া লোৱাৰ আৰু এখন অভিন্ন নাট
তাৰ পাছত
অন্ধকাৰৰ মাজত আকৌ হেৰাই যাম
ভাগৰ পলুৱাম পুনৰ এজাৰৰ ছাঁত
কিন্তু হঠাৎ উচুপনিবোৰ যেন ক্ৰমাৎ সৰল হ'ল,
অনুভূতিবোৰ যেন অস্থিৰ হ'ল,
বুকুৰ মাজত জাপ খাই থকা আৱেগ বোৰে উকমুকাই উঠিল
চকুৰ আগত এখন নীলা ছাদৰ
হিয়াখন উত্তাল হ'ব ধৰিছিল
হেঁপাহবোৰ আতুৰ হ'ব ধৰিছিল
স্নিগ্ধ জোনাকৰ মায়াত পুনৰ বন্দী হৈ পৰিছিলো
মই মুক্ত বিহংগ
অ' প্ৰিয়তম
তোমাৰ নামত
এতিয়া সপোনৰ পাৰবিহীন উপত্যকাত
দিন- ৰাতি উজাই লওঁ
তেওঁৰ দেহৰ কাল্পনিক সুঘ্ৰাণ
উশাহ নিশাহৰ স্তব্ধহীন গতিত পোৱা
তেওঁৰ হাতৰ পৰশে মোক বলিয়া কৰে
বাউলী হৈ মই আগুৱাই যাওঁ
মোৰ বৰ্তমানৰ ঠিকনা
তেওঁৰ হিয়াৰ দিশে ৷
ঠিকনাঃ টিহু, বামুণবড়ী







