সোণাৰুৰ দেশত তুমি (গায়ত্ৰী শইকীয়া)


কৃষ্ণচূড়াৰ ৰঙাবোৰে
মোক লৈ যাব খুজে,
এখন ৰঙীন পৃথিৱীলৈ ৷
য'ত তুমি তুমি অনুভৱ বোৰ
থুপ খাই আছে ৷

সোণাৰুৰ হালধীয়া বোৰে
হিয়াত বোৱাব বিচাৰে
উন্মাদ মনৰ আৱেগ এধানি
সোণাৰুৰ হালধীয়া বোৰ
মই ভাল পাওঁ
তোমাৰ ৰামধেনু সদৃশ হাঁহিত
সুখবোৰ বিচাৰি চাওঁ ৷

চাৰিওফালে যিদিনা সোণাৰুৱে হালধীয়া হ'ব
হৃদয়ৰ হেঁপাহৰ কোণত
সপোনে হাঁহিব ৷

থাকা তুমি মোৰ সপোন হৈ,
তুমি দিঠক হ'লে
সকলো বেপৰোৱা হৈ পৰিব ৷