ভালপোৱাৰ সামৰণি (মনালিছা বৰা)

একান্তই আপোন আৰু
গোপন সময়বোৰ
অহংকাৰী মাটিৰ সৈ'তে
মিহলি হৈ গ'ল,
কাৰণ এতিয়া যে মই
অভিমানবোৰক সামৰি থব নোৱাৰো ৷
দুখৰ ৰাতি নাযায় নুপুৱাই যদিও
ইচ্ছানুসৰি আঁতৰি আহিছো
মই তোমাৰ পৰা
এটা অশান্ত মন লৈ
তুমি মোক কি আখ্যা দিবা
প্ৰতাৰক বা স্বাৰ্থপৰ
একো প্ৰতিবাদ নকৰো মই
কাৰণ মই তোমাৰ দৃষ্টিত
এগৰাকী স্বাৰ্থপৰ প্ৰেমিকা হ'ব বিচাৰো ৷

ঠিকনাঃ কাজিৰঙা