কাৰাগাৰ (যোগেশ গগৈ)


আজি কাৰাগাৰত মই
কবিতা ভাল পোৱাৰ বাবে

বিচৰণ কৰি ফুৰো
কবি, লেখকৰ তেজৰ কণাত
মোৰ ঠিকনা

কাৰাগাৰত থাকোতে
দ্বিতীয় গোচৰত আবদ্ধ
প্ৰেমৰ কবিতা বাবে
আপোন জনৰ টোপনি সৰিছো

বহুতৰ মতামত
আঁতৰি থাকিব লাগে মই

কাগজ কলমে
লিখি যাম মানুহৰ কবিতা
এঙাৰেৰে সুউচ্চ দেৱালত
বতাহে লৈ যাব কবিৰ কাষলৈ
তৃতীয় গোচৰত পুনৰ বন্দী
মোৰ বীজতেই আছে
কবিতা
বোপায়ে লিখিছিল
কবিতা
লৈ ফুৰিম কবিতা
উপহাৰ কবি সকললৈ
সৰু ছোৱালী জনী
মোৰ চেহেৰাৰ
বীজৰ নহয় একে জাতৰ
পুনৰ চতুৰ্থ গোচৰ
আবদ্ধ
কাৰাগাৰত

ঠিকনাঃ ডিগবৈ