আমি নতুন মানুহ
আধুনিকতাৰ মুখা পিন্ধা,
পাশ্চাত্যৰ অলংকাৰে অলংকৃত ৷
সভ্যতাৰ শিখৰত ওভতগোৰে নচা.....
আমি ভদ্র মানুহ,
সাধাৰণ জনতাৰ সপোন তচনচ কৰা.....
আমি উচ্চপদাধিকাৰী,
ক'লা টকাৰে দালান সাজি
গভীৰ নিশা বিদেশী পানীয়ৰ ৰাগিত মাতাল......
আমি ভদ্ৰ মানুহ,
টকাৰে ডিগ্রী কিনা- বেচা কৰা...
আমি জ্ঞানী মানুহ,
দুৰ্বলীৰ ওপৰত শোষণ, অত্যাচাৰ কৰা....
আমি বীৰ- বীৰাংগনা,
বিলাসীতা আৰু আমোদ- প্ৰমোদৰ বাবে কিছুমান কা- পুৰুষৰ ওচৰত বিক্রি হোৱা...
আমি ভদ্র মহিলা,
মৰম, ভালপোৱা, সম্পর্ক বন্ধকত থোৱা....
আমি সমাজৰ তথাকথিত সম্ভান্ত ব্যক্তি,
দিনৰ পোহৰত সভ্য- সমাজ গঢ়িবৰ বাবে
ডিঙিৰ সিৰ ফুলাই, বুকু ফিন্দাই চিঞৰি ফুৰা,
আমি নতুনত্বৰ চোলা পিন্ধা নতুন মানুহ ৷
ঠিকনাঃ বোকাখাত
আধুনিকতাৰ মুখা পিন্ধা,
পাশ্চাত্যৰ অলংকাৰে অলংকৃত ৷
সভ্যতাৰ শিখৰত ওভতগোৰে নচা.....
আমি ভদ্র মানুহ,
সাধাৰণ জনতাৰ সপোন তচনচ কৰা.....
আমি উচ্চপদাধিকাৰী,
ক'লা টকাৰে দালান সাজি
গভীৰ নিশা বিদেশী পানীয়ৰ ৰাগিত মাতাল......
আমি ভদ্ৰ মানুহ,
টকাৰে ডিগ্রী কিনা- বেচা কৰা...
আমি জ্ঞানী মানুহ,
দুৰ্বলীৰ ওপৰত শোষণ, অত্যাচাৰ কৰা....
আমি বীৰ- বীৰাংগনা,
বিলাসীতা আৰু আমোদ- প্ৰমোদৰ বাবে কিছুমান কা- পুৰুষৰ ওচৰত বিক্রি হোৱা...
আমি ভদ্র মহিলা,
মৰম, ভালপোৱা, সম্পর্ক বন্ধকত থোৱা....
আমি সমাজৰ তথাকথিত সম্ভান্ত ব্যক্তি,
দিনৰ পোহৰত সভ্য- সমাজ গঢ়িবৰ বাবে
ডিঙিৰ সিৰ ফুলাই, বুকু ফিন্দাই চিঞৰি ফুৰা,
আমি নতুনত্বৰ চোলা পিন্ধা নতুন মানুহ ৷
ঠিকনাঃ বোকাখাত








