সুগন্ধি পখিলাৰ পাখি (হৃদয় মৃণাল)

শ্ৰদ্ধাৰো শ্ৰদ্ধাৰ হীৰেন ভট্টাচাৰ্য দেৱৰ স্মৃতিৰ শলিতাৰে......

প্ৰাণৰো প্ৰাণৰ হৃদয়ৰো হৃদয়ৰ
কাব্যিক পৃথিৱীৰ
তুমি ৰৌদ্ৰোজ্জ্বল প্ৰেৰণাৰ উশাহ ভৰা
নিভাঁজ প্ৰেমৰ সেউজীয়া জোনাক ৷

তোমাৰ নিপুন হাতৰ তেজেৰে
সৃষ্ট শব্দৰ বহল পথাৰত
আজিও সতেজ সৱল
তোমাৰ অনুভৱৰ জীপাল কণ্ঠস্বৰ ৷

তুমি অসমীয়া কাব্য সাহিত্যৰ
নীৰস হ'বলে উদগ্ৰীৱ হোৱা বৰ ঘৰটো
প্ৰেম আৰু চিকুণ ৰ'দালিৰ হাঁহিৰে
নৱ ৰসে ৰসময় কৰি দিলা ৷

তোমাৰ মৃত্যু অপৰাজেয়
অমানিশাৰ ঘোৰ আন্ধাৰ
অথবা পুৱতিৰ ডাঠ কুঁৱলীয়ে
তোমাৰ কলমৰ সেউজীয়াক
কোনো কালে নোৱাৰিব ঢাকিব ৷

আই অসমীৰ মাটিৰ গোন্ধ বুজি পোৱা
প্ৰতিজন অসমীয়াৰ
বুকুৰ শুভ্ৰ দলিচাত
আজিও প্ৰভাতীৰ কোমল ৰ'দালি হৈ
আছে জিলমিলাই
সুগন্ধি পখিলাৰ অমৰ্ত্য সুবাস
বোলাই লোৱা পাখি দুখিলা ৷