মৰমৰ বৰষুণ (বৰষা বৰা)

সপোন নহয় দিঠক নহয়
মাথো এবাৰ স্মৃতিক সোধা
অবুজ অবুজ, সাঁথৰ সাঁথৰ
কথাবোৰ খুন্দিয়াব
তোমাৰ হৃদয়তে
নৈ গৰা খহাদি খহিব
তোমাৰ মনৰে গৰা ৷
দুটি ওঁঠ কঁপিব;
নিগৰিব তোমাৰ দুনয়নে
মৰমৰে বৰষুণ
মাথো বৰষুণ ৷

ঠিকনাঃ বোকাখাত ৷