এধানি বেদনা সুবাস (মঃ পাৰবিজুল হক)
এধানি বেদনা সুবাস
সেউজীয়া পথাৰত
হোৱা ধুমুহাৰ দৰে
জোন হ'ব খোজা মনে
অংকন কৰিব খোজে
ভঙ্গা ভাস্কয্য
কিম্বা তোমাৰ হাতৰ
ৰেখাৰ গভীৰতা
ব্যৰ্থতা
মাথো
ব্যৰ্থতা
পাহৰণিৰ গৰ্ভত
হাবাথুৰি খাই ফুৰো
একোটা নীৰৱ নগ্ন
আবেলিত
নগ্ন সপোনৰ মাজত
ঠিকনাঃ বোকাখাত