এই জৰীডাল ছিগিছে
যোৰা লগোৱাত অসুবিধা হৈছে,
ইয়াতকৈ দেখোন
অঘৰীবোৰে বেছি ভাল,
কাষত থাকিও যেন আজি উদং
এই পথাৰ,
উদভ্ৰান্ত আত্মাবোৰে থিতাপি পোৱা নাই,
যিবোৰ নিৰ্জীৱ নাছিল কাহানিও
অথচ নিৰাসক্ত হৈছে,
আৰু লেৰেলী যোৱাৰ পথত ডেউকা ভাগিছে,
খোজবোৰ যদিওবা ঠিকেই আছে
ইফাল- সিফাল নহয়,
আৰু কিমান লুটিয়াবা বুৰঞ্জীৰ পাতবোৰ,
শুষ্ক মৰুৰ ছায়াহে মাথোন
সেয়ে মুক্তিপণ কৰিছে
যদি কোনোবা আছে,
পৃষ্ঠাই- পৃষ্ঠাই
অশ্ৰু নিগৰিছে আৰু জ্বলিছে
জুইখিনি নুমোৱা সোনকালে
ইয়াত নোৱাৰি আৰু
অস্থিৰতাই তিলতিলকৈ কুটি খাব ধৰিছে,
যাৰ পৰিপ্ৰেক্ষিতত
ইটো আত্মাৰ সুখ বিচাৰি
সিটোৱে চিঞৰিছে ...
যোৰা লগোৱাত অসুবিধা হৈছে,
ইয়াতকৈ দেখোন
অঘৰীবোৰে বেছি ভাল,
কাষত থাকিও যেন আজি উদং
এই পথাৰ,
উদভ্ৰান্ত আত্মাবোৰে থিতাপি পোৱা নাই,
যিবোৰ নিৰ্জীৱ নাছিল কাহানিও
অথচ নিৰাসক্ত হৈছে,
আৰু লেৰেলী যোৱাৰ পথত ডেউকা ভাগিছে,
খোজবোৰ যদিওবা ঠিকেই আছে
ইফাল- সিফাল নহয়,
আৰু কিমান লুটিয়াবা বুৰঞ্জীৰ পাতবোৰ,
শুষ্ক মৰুৰ ছায়াহে মাথোন
সেয়ে মুক্তিপণ কৰিছে
যদি কোনোবা আছে,
পৃষ্ঠাই- পৃষ্ঠাই
অশ্ৰু নিগৰিছে আৰু জ্বলিছে
জুইখিনি নুমোৱা সোনকালে
ইয়াত নোৱাৰি আৰু
অস্থিৰতাই তিলতিলকৈ কুটি খাব ধৰিছে,
যাৰ পৰিপ্ৰেক্ষিতত
ইটো আত্মাৰ সুখ বিচাৰি
সিটোৱে চিঞৰিছে ...








