মিঠা মিঠা সপোন (জয়ন্ত নিবিড় কলিতা)

মৌ মিঠা মিচিকিয়া হাঁহি
যেন মৌ চুমিবলৈ পৰি ৰ'ম
তোৰ গুলপীয়া ওঁঠত
হেঙুলীয়া পখিলা টি হৈ ।
এবুকু লুণীয়া বিচাৰি পাওঁ
তোৰ সাগৰ নীলা নয়ন যুৰিত
চকুত চকু থৈ ডুবিবলৈ মন
প্ৰেমৰ মাণিক বিচাৰি ।
অৰণ্যৰ দৰেই সেউজীয়া তোৰ হৃদয়
হেৰাই যাব খুজো তোৰ ঘন উশাহত
তৰা হৈ আহি সানি দিবা মোক
ৰূপালী জোনাক এমুঠি ।
শুকুলা ডাৱৰ হৈ বিলীন হম
নীলিম গগনৰ বুকুত
প্ৰেমৰ বৰষুণ হৈ নামি আহিম
তোৰ ভৰা যৌৱনত ।

ঠিকনাঃ ৯৮৫৪২৭৩৮২৯