বহু যুগৰ অন্ধকাৰত
বুৰ গৈ আছিল এখন প্ৰাচীন
চহৰ ।
পোহৰে বাট হেৰুৱাইছিল,
বিবৰ্ণ হৈ পৰিছিল জোনটোও
আৰু
এনেকৈয়ে-
দিনবোৰ বৈ গৈ আছিল ।
হঠাৎ এদিন, পণ লৈছিল বহু
জোনাকীয়ে
'মাউখে উটাৰ'
সুঁতি সলাইছিল নৈখনেও ।
বালিচৰৰ
বালিচন্দাবোৰ
জিকমিকাই উঠিছিল
আৰু ক্ৰমশঃ
সাৰ পাই উঠিছিল
এখন বহু যুগৰ
নিদ্ৰাৰত প্ৰাচীন চহৰ ।