পৃথিৱীখন এদিন আমাৰ হ'ব (মাধুৰ্য্য সন্দিকৈ)

পৃথিৱীখন এদিন আমাৰ হ'ব
সুখবোৰ ভগাই ল'ম
হাতে হাতে
এটি নিচুকনি গীত হৈ
গুনগুনাব আইৰ মাতত
আমি টোপনি যাম নিতালে
সপোন দেখিম ফুল কোঁৱৰৰ
কাঠৰ পখী ঘোঁৰাত উৰি যাম
মালিতা হৈ আওৰাম
আইতাৰ সাধু কথাত
জীৱন ভালপোৱাৰ গান
জীৱন যুদ্ধত জী উঠিম
তেজীমলা হৈ ৷

ঠিকনাঃ টেঙাখাত
দূৰভাষঃ ৯৯৫৭৬৩৩০২২