সন্ত্ৰাসবাদী কাণ্ডই প্ৰতিজন মানুহক
হৃদয়ৰ স্পন্দিত মৃত্যুৰ দোমোজাত ৰাখি…
দুখৰ দিন অনুভৱ কৰালে ৷
মৃত্যুৰ শিখাৰ উজ্জল পোহৰত,
জ্বিলিকি উঠিল শ শ আত্মীয়ৰ নিৰ্ভীক মুখ ৷
ভয়ত বিবৰ্ণ হোৱা মুখ খনীয়ে
হৃদয়ত কামুৰি ধৰিলে,
সকলোৰে কলিজাত আত্মীয়তাৰ
অচিন শোক ৷
কাতৰ কৰুণ চিৎকাৰ শুনিও
নিঃশব্দে তুলি ল'লে কান্ধত,
নিজ নিজ আত্মীয়ৰ দেহা ।
ক্লান্ত শিৰাৰ তৰুণ তেজ
আৰু ঋণী চকুপানী ভাঁহি আহিল
সকলোৰে মুখত ৷
স্তব্ধতাৰ নিৰ্জন পোহৰ আহিসাৰ পোৱাব খুজিলে,
নিজ নিজ প্ৰাণৰ কবি
কবি স্ময়াবহ চৰাইটো আহিলাহি
দেউকাৰে আঁতৰাব খুজিলে
আততায়ী দিনৰ আততায়ী কাল ৷
আকাশে বতাহে মুখাৰিত হৈছে এটি শব্দ…
য'ত সমুদায়ে চিঞৰি উঠিছে
শান্তি মাথো শান্তি ৷
ঠিকনাঃ যোৰহাট
হৃদয়ৰ স্পন্দিত মৃত্যুৰ দোমোজাত ৰাখি…
দুখৰ দিন অনুভৱ কৰালে ৷
মৃত্যুৰ শিখাৰ উজ্জল পোহৰত,
জ্বিলিকি উঠিল শ শ আত্মীয়ৰ নিৰ্ভীক মুখ ৷
ভয়ত বিবৰ্ণ হোৱা মুখ খনীয়ে
হৃদয়ত কামুৰি ধৰিলে,
সকলোৰে কলিজাত আত্মীয়তাৰ
অচিন শোক ৷
কাতৰ কৰুণ চিৎকাৰ শুনিও
নিঃশব্দে তুলি ল'লে কান্ধত,
নিজ নিজ আত্মীয়ৰ দেহা ।
ক্লান্ত শিৰাৰ তৰুণ তেজ
আৰু ঋণী চকুপানী ভাঁহি আহিল
সকলোৰে মুখত ৷
স্তব্ধতাৰ নিৰ্জন পোহৰ আহিসাৰ পোৱাব খুজিলে,
নিজ নিজ প্ৰাণৰ কবি
কবি স্ময়াবহ চৰাইটো আহিলাহি
দেউকাৰে আঁতৰাব খুজিলে
আততায়ী দিনৰ আততায়ী কাল ৷
আকাশে বতাহে মুখাৰিত হৈছে এটি শব্দ…
য'ত সমুদায়ে চিঞৰি উঠিছে
শান্তি মাথো শান্তি ৷
ঠিকনাঃ যোৰহাট








