এজাক বৰষুণ নামিছে (গীতি কংকনা বৰা)

এজাক বৰষুণ নামিছে
ক্ৰমাৎ তিয়াই পেলাইছে
মৰুভূমি হেন হৃদয় কোঠালি ৷
উদাস উদাস লগা ক্ষণবোৰ
নিৰ্জনতাই গ্ৰাস কৰিছে
সিক্ত নয়নত শাওনৰ আবেলি ৷
পুৱাৰ ৰ'দজাকে বতৰা দিছে
তোমাৰ,
বৰষুণতো তোমাৰ নাম
হৃদয়ৰ নিৰলা কোণত
জোনাকে আঁৱৰি ধৰিছে ।
মোৰ মন মাজুলীত এয়া গড়া খহিছে
আবেলিৰ সেমেকা বতাহজাকৰ স্পৰ্শত
প্ৰাণ পাই উঠিছো,
চকুমেলি দেখিছো
এজাক বৰষুণ নামিছে ৷

ঠিকনাঃ স্নাতক তৃতীয় ষান্মাষিক,
উত্তৰ লখিমপুৰ মহাবিদ্যালয় ৷