বিজয়ৰ পেটটোত হঠাতে খামুচি ধৰিলে । আঃ কি অসহ্যকৰ
বিষ । যোৱা চাৰিদিন ধৰি সি একো খোৱা নাই । আজি এতিয়ালৈকে তেওঁ খাব পৰা নাই । কাম
কৰা মিঠাইৰ দোকান খনত প্লেট এটা ভঙাৰ বাবে তাক কামৰ পৰা খেদি পঠিয়ালে মালিকজনে ।
কৰ্মহীন আৰু আশ্ৰয়হীন হৈ পৰিল তেওঁ । অশেষ কষ্ট কৰিও তেওঁ কাম এটা বিচাৰি নাপায়
যোৱা চাৰিদিন ধৰি ফুটপাথত কটাই আছে ।
তেওঁ বাটৰ কাষৰ টেপটোলৈ গ'ল আৰু পানী অলপ পি খালে । খালি পেট পানীৰে নভৰে, পেটটো বেছিকৈ বিষায় উঠিল তাৰ । দিনক দিনে দুর্বল হৈ পৰিছে তেওঁ, কামো এটা নাই, খোৱাৰ বাবে এটা বস্তু নাই ।
তেওঁ লাহে লাহে ৰাজপথত খোজ পেলালে ৷ বুজিব পাৰিলে যে এয়াই বাস্তব আৰু এয়াই জীৱন । বিভিন্ন ৰঙৰ দামী গাড়ী আৰু ডাঙৰ ডাঙৰ অট্টালিকাই বুজায় চহৰখন কিমান অভিজাত আৰু কিমান ডাঙৰ । তাৰ সন্মুখেদি ধুনীয়া এহাল ডেকা গাভৰু পাৰ হৈ গ'ল হাতত ধৰা ধৰিকৈ । ছোৱালীজনীৰ হাতত এটা দামী আইচক্ৰিম আৰু স্কীন টাৰ্চ মোবাইল এটা ।
বিজয় ওচৰৰ হোটেল এখনত সোমাই কিবা এটা খাব খুজিলে । তেওঁ ক'লে- অলপ খাদ্য আৰু বিশ্ৰামৰ প্ৰয়োজন মোৰ । গাটো অলপ ভাল হ'লেই তেওঁ অহা কালিৰ পৰা ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ যাব পাৰিব ।
হোটেলৰ মালিকজনে ক'লে- যোৱা ইয়াৰ পৰা ভিক্ষাৰী ।
মই ভিক্ষাৰি নহয় বুলি চিঞৰি খুজিও চিঞৰিব নোৱাৰিলো, গাত একেবাৰে বল নাছিল । ক'বলৈ মন আছিল যে মইও এজন ভাল ছাত্ৰ আছিলো এদিন ।
বিজয়ৰ নিজৰ ওপৰতেই ঘৃণ জাগিল । এইয়া জীৱন হ'লনে ? এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ । তেওঁ সিদ্ধান্ত ল'লে আত্মহত্যা কৰিব আজি ।
এটা বিকট শব্দ
সন্মুখেদি অহা ট্ৰাক এখনৰ আগত জপিয়াই দিলে, বিজয়ৰ চকুৰ মুদ খাই আহিল ।
প্ৰায় দুঘণ্টাৰ মূৰত বিজয়ে চকু মেলিলে । সন্মুখত বয়ল কৰা কণি এটা, ব্ৰেড দুই পিচমান লৈ ধুনীয়া নার্চ এজনী ৰৈ আছে । হাতত এটা ভিটামিন চেলাইন লগোৱা আছে । ট্ৰাক চালকজন ভাল হোৱাৰ বাবে বাছি গ'ল তেওঁ । দুঠাইত মান ছাল বাকলি যোৱাৰ বাবে তাৰ বিশেষ একো ক্ষতি নহ'ল । চালকজনেই তাক চৰকাৰী হস্পিতাল লৈ আহিছিল ।
ৰাতি বিজয়ে মাংসৰে এসাজ পেট ভৰাই খালে বহুতদিনৰ মূৰত মনটো তেওঁৰ ভাল লাগিল ।
বিজয়ে ঠিক কৰিলে যিদিনা হস্পিতালৰ পৰা তাক ছুটী দিব তাৰ পাছ দিনাৰ পৰাই তেওঁ ৰাজমিস্ত্ৰীৰ কাম কৰিব আৰু এটা ভাল জীৱন যাপন কৰিব । তেতিয়ালৈকে হস্পিতালত তাৰ খাদ্য আৰু বিশ্ৰাম দুয়োটা হৈ যাব দুইদিনৰ বাবে ।
তেওঁ কালিৰ পৰা বেলেগ ধৰণৰ জীৱন যাপন কৰিব বুলি
চিঞৰি উঠি ক'লে যে- এয়াই জীৱন ।
দূৰভাষঃ ৭৮৯৬৭৯২১৮৩