সংগ্ৰাম (পল্লৱী হাজৰিকা)

আছে নেকি লোহা, টিন, প্লাষ্টিক……

জেঠমহীয়া বেলিটোক মূৰত লৈয়ে সি আগবাঢ়ে এনেকৈ চিঞৰি- চিঞৰি । পিন্ধনত একেযোৰ পোছাক । হাফপেণ্ট এটা আৰু বগা ৰঙৰ গেঞ্জি ৷ গেঞ্জিটো ঘামত লিপিত খাই পৰে তাৰ দেহত । তথাপিও তাৰ আহৰি নাই । দুটকা বেছিকৈ পোৱাৰ আশাত গেঞ্জিটোৰ লগত মিতিৰালি কৰা ঘামবোৰৰ লগত সি মিতিৰালি কৰে আৰু চিঞৰি উঠে-
- আছে নেকি , লোহা, টিন, প্লাষ্টিক……… !
দুই- এটা তাৰ বয়সৰে ল'ৰা- ছোৱালীয়ে চকু দিয়ে তালৈ । একো নুসুধে । সিহঁতবোৰেও তেতিয়া কিতাপৰ বোজাৰ লগত মিতিৰালি কৰা ঘামবোৰৰ লগত মিতিৰালি কৰি ঘৰলৈ আগবাঢ়ে ।

- ঐ.... ঐ ল'ৰা ৰ'চোন, ৰ… ইমান সৰুতেই যে তই এইবোৰ ব্যৱসায়ত লাগিছ, মাৰ- বাপেৰ নাই নেকি তোৰ ?

সি ৰৈ দিয়ে । এইটো তেনেই সাধাৰণ প্ৰশ্ন তাৰ বাবে । কেতিয়াবা কোনো- কোনোৱে তাক সৰু ভাবি ঠগিবলৈ বিচাৰে ।

সময়বোৰ আগবাঢ়ে । সি একেদৰেই থাকে ।
দিনৰ দিনটো তাৰ চাইকেলৰ পাছত বান্ধি লোৱা ঠেলাখনত আনৰ ঘৰৰ পৰা গোটাই অনা পেলনীয়া লোহা, টিঙ বোৰে ঠেহ পাতে । নোযোৱা হয় চাইকেলখন । তথাপিও সি আগবাঢ়ে । লোভীয়া হৈ পৰে দুটকা এটাৰ বাবে আকৌ চিঞৰে- "আছে নেকি লোহা, টিন,প্লাষ্টিক ।"

ঠিকনাঃ বোকাখাত, ৰজাবাৰী