অপ্ৰয়োজনীয় (এন হক)

বিকাশ শ্ৰীমতীৰ সৈতে ল'ৰা জনক লৈ মন্দিৰলৈ গ'ল । আজি তাৰ অপাৰ দুখ । হোৱাৰে কথা ল'ৰাজন মেট্ৰিক পৰীক্ষাত ফেইল মাৰিছে । কি কৰা নাই ল'ৰা জনৰ বাবে, কি দিয়া নাই । ছোৱালী জনীক পঢ়া বন্ধ কৰি দি তাক গোটেই বছৰ টিউচন দিছে । অথচ ছোৱালীজনী ঘৰৰ অগচৰে পঢ়ি প্ৰধান শিক্ষকৰ সহযোগত পৰীক্ষা দি অসমৰ ভিতৰত পঞ্চম স্থান পালে আৰু ল'ৰাজন ...! আহ, তাৰ বুকুখন খুন্দা মাৰি ধৰে । সেয়ে মন্দিৰলৈ লৈআহিছে পূজা এগছি দিবলৈ ।
- পণ্ডিত দেৱ , মোৰ ল'ৰা জন ফেইল কৰিলে ।গতিকে মাৰ আশীৰ্বাদ লৈ দিয়ক যাতে অহা বছৰ পাচ কৰিব পাৰে । -বিকাশে ক'লে ।
পণ্ডিতে পূজা আৰম্ভ কৰিলে-
- হে মা, তুমি তোমাৰ মহিমাৰে তোমাৰ ভক্তৰ কল্যাণ কৰা । তোমাৰ ভক্তক এইবছৰ পাচ কৰি দিবা । তোমাৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰা.....
- কোনো লাভ নহ'ব..... হঠাৎ এক বৃদ্ধাৰ কণ্ঠত সকলো ঘূৰি চালে ।
- মা..."
- কোন মা ?
- পণ্ডিত দেৱ, যাৰ কথাত আপুনি পূজা কৰিছে মই তাৰেই মা । যি জন মাতৃক বাটত এৰি থৈ, যিজন মাতৃৰ আশীৰ্বাদ ভৰিৰে গচকি এই মাটিৰ মূৰ্তীৰে সজোৱা মাৰ আশীৰ্বাদ ভিক্ষা খুজিছে মই তাৰে মা ।
- আপোনাৰ পূজা অপ্ৰয়োজন । আপুনি বিচৰা আশীৰ্বাদ আপোনাৰ মাতৃৰ ভৰিৰ তলত আছে । প্ৰথমে সেইখিনি পাই লওঁক ।