তোমাৰ অন্তৰে মোৰ অন্তৰে দেখেনে ..! এদিন প্ৰশ্ন এটা কৰিছিলো তাইক ..! সেইদিনা তাই
মোৰ কাষতে আছিল..! তাইৰ অবিন্যস্ত চুলিৰ মাজে মাজে মই হাত ফুৰাই আছিলো ! পৃথিৱীৰ
সমস্ত সুখে তাইৰ দুচকুত ধৰা দিছিল ..! সেয়েই তাই দীঘল দীঘল নিশ্বাস এৰি দিছিল দুচকু
নেমেলাকৈয়ে হয়টো আনমনা হৈছিল..! প্ৰশ্নটোলৈ তাইৰ গুৰুত্ব নাছিল মাথোঁ বাৰে বাৰে মোৰ
বুকুত তাইৰ মুখখন লুকুৱাবলৈ চেষ্টা কৰি থাকিল..! তাইৰ যেন টোপনি আহিব গালি পাৰিও
লাভ নাই তাইক..! তাই আগতেই কৈছিল মোৰ গালিবোৰ হেনো মিঠা..! টোপনি গ'ল তাই মুখত সেই
মিচিকিয়া হাঁহিটো ..! অলপ পিছত অস্ফুট ভাষাৰে তাই ক'লে মই তোমাক ভাল
পাওঁ..!
আগতে বহুবাৰ শুনিছো এইটো ভাষা তাইৰ কথাৰে মই বুজি পাওঁ তাইৰ ভাষা তাই মোক খুউব ভাল পাই..! তাইক জগাই দিবলৈ মোৰ সাহস ন'হল তাইক প্ৰশ্ন কৰি আঘাত দিবলৈ ইচ্ছা ন'হল সেয়ে শুই থাকিলোঁ আমি কাৰেং ঘৰত ৷ এখন নিৰিবিলি চহৰ য'ত আমি থাকো ৷ আমাৰ এটাই ঘৰ সেই ঘৰটোতে সকলো কৰো ৷ ঈশ্বৰৰ ফটো এখন বেৰত ওলমাই ৰাখো তাত গৈ দুয়ো প্ৰাৰ্থনা কৰোঁ খহি পৰা ওৰণিখন তাই দীঘলাই লয় ৷ দেখি মোৰ ভাল লাগে ৷ কেতিয়াবা মনতো এনেয়ে ভাল নালাগে কাৰণ নোহোৱাকৈ ৷ খাবলৈ ইচ্ছা নাযায় ক'বলৈ ইচ্ছা নাযায় একো ৷ তেতিয়া তাই আহি কাষত বহে লঘোন দিম আজি ৷ মই জানো মই নাখালো তায়ো নাখাই ৷ হাঁহি মাৰি কওঁ কিহৰ লঘোন ভাত আনাগৈ দুয়ো একেলগে খাম ৷ মোক অলপ কমকৈ দিবা মূৰটো বৰ বিষাইছে ..!
গাৰুত মুখখন গুজি দিওঁ তাই লাহে লাহে মোৰ চুলিত হাত বুলাই ..! নৱৰত্ন তেল আৰু তাইৰ হাতৰ স্পৰ্শই মোক ক্ৰমশঃ শান্তিৰ সুখ বিয়পাই দিয়ে সৰ্বশৰীৰত ৷ জীৱনত বহুতো নাপাবলগীয়া অপমান আৰু অপযশ পাইছে সি তাইক পলুৱাই আনি ৷ কিন্তু মুখত বেজাৰৰ ভাব তাৰ লেশমানো নাই..! সি তাৰ ভালপোৱা পাইছে সি সুখী ৷ মনত পৰে কেতিয়াবা তাৰ বাবেই তাইক ঘৰৰ নঙলা পাৰ হ'ব দিয়া নাছিল আৰু আজি একেটা ঘৰতে দুয়ো ৷ মন প্ৰাণ মিলিলে কাৰ প্ৰতিবাদ কোনে শুনে ৷ সঁচাকৈ জীৱনটো ৰহস্যতেই পাৰ হৈ যায়..! তাৰ চকুলো বৈ আহে ওঁঠ কামুৰি কান্দোন বন্ধ কৰিবলৈ অহৰহ চেষ্টা কৰে ৷
স্নিগ্ধা শিখাই সাৰ পাই ৰাতিপুৱাবলৈ অলপ বাকী কুনাল ধৰা পৰি যায় ..! কুনাল কিয় কান্দিছা তুমি, কোৱা মোক তাইৰ মুখত বিস্ময়ৰ ভাব ! সি তাইৰ মুখলৈ চালে ৷ তাই লাহেকৈ ক'লে তুমি মোক কালি ৰাতি প্ৰশ্ন এটা কৰিছিলা মই শুনি আছিলোঁ যদিওঁ উত্তৰ দিব পৰা নাছিলোঁ কাৰণ সেইখিনি সময় মোৰ বাবে আনন্দ দায়ক আছিল ৷ মই আছিলো অন্য দেশত ৷ শুনা এতিয়া, মোৰ অন্তৰে তোমাকে দেখে ! মই তোমাৰ অন্তৰখন বুজি পাওঁ ৷ ফুলৰ দৰে কোমল এখন হৃদয় তোমাৰ ৷ সৰু সৰু কথাতে ঠেহ অভিমানৰ হৃদয় আৰু সেই ঠেহ অভিমান এইবোৰ ভাঙিবলৈ একমাত্ৰ ময়েই পাৰো তোমাৰ..! সেয়েহে মোৰ অতিকৈ প্ৰয়োজন তোমাৰ বাবে..! মোৰ অন্তৰে তোমাক বিচাৰে তোমাৰ অন্তৰে মোক বিচাৰে নে স্নিগ্ধা শিখাই এইবাৰ ওলোটাই প্ৰশ্ন কৰিলে তাক..! বিচাৰে বিচাৰে সেইবাবেই ভাল পাওঁ তোক ! হঠাতে হোৱা শব্দ এটাত সিহঁত দুয়ো মূৰ তুলি চালে ! পেপাৰ দিয়া ল'ৰাজনে পেপাৰ এখন গেটৰ ওপৰেদি পেলাই থৈ গ'ল ৷ সি শুই থাকিল আৰু স্নিগ্ধা শিখাই ডাঙৰ ডাঙৰকৈ হেডলাইন কেইটা পঢ়ি গ'ল ৷
এয়েই সুখী জীৱন বুলি ভাবি কুনালে চকু দুটা আকৌ এবাৰ জপাই দিলে ৷