সংজ্ঞা বিচাৰি (দীপজ্যোতি দাস)

তাই আহিব বুলি হৃদয় জপনা খন খুলি ৰাখিছো,
আহিব জানো ?
মই তোকহে ভালপাওঁ,
মই যৌৱন বাসনাৰ বলি নহয় ও ।
সময় পালে এবাৰ আহিবিচোন,
কৈছো নহয়
জপনাখন এতিয়াও খুলা আছে বুলি ।

মোক লাগে মাথোঁ
তোৰ বুকুৰ একাজলি মৰম আৰু আবদাৰ ।

ভালপোৱা সঁচা অন্তৰ মিলন নে
অভিসাৰ পূৰণৰ নতুন আহিলা ?
প্ৰেম যদি
এনেকোৱা অকলশৰীয়া জীৱনে শ্ৰেয় ।
কিন্তু
মই বিচাৰি ফুৰিছো সঁচা প্ৰেমৰ সংজ্ঞা ।
নে উন্মাদ যৌৱনৰ বাসানা বোৰেই প্ৰেম ?