আই তই একাঁজলি আর্শীবাদ দে (ঋতুবিকাশ নাথ)

আই তই তো জানাই মোৰ লক্ষ্য কি
তোৰ গৰ্ভতে চাগে মই শুনিছিলো
ভাৰত মাতৃৰ জয়গান,
তোৰ গৰ্ভতে চাগে কান্দিছিলো
জীৱন ত্যাগী সৈনিক সকলৰ
অকাল মৃত্যুৰ পাই সন্দিহান ৷
আজি চকুৰে দেখিছো
সৈনিক ককাইদেউ সকলক
দেশৰ স্বাৰ্থত দহৰ স্বাৰ্থত,
তেওঁলোকে দিছে আত্ম বলিদান ৷
আই মোৰো মন গৈছে
সেই পোছাক যোৰ পিন্ধি,
কান্ধত বন্দুকটো লৈ,
ভাৰত মাতৃৰ জয়গান গাবলৈ ৷
আই তোক মই নিঃসন্দেহে কৈছো
দেশৰ হকে প্ৰাণ ত্যাগী যুঁজিম,
অলপো মৃত্যুলৈ নাই ভয়
বুকু ফিন্দাই আগুৱাই যাম
শত্ৰুক ৰোধিবলৈ,
কাৰণ মই তোৰ বীৰ সন্তান ৷
আই তোৰ নামেৰেই সৃষ্টি হোৱা দেশ খনক
ৰক্ষা কৰিব যাব ওলাইছো,
গতিকে আই তই বাধা নিদিবি ৷
যদি ইয়াৰ বাবে মই সমাধিস্থও হওঁ,
তই বাউলি নহ'বি আই ৷
গোলাঘাটৰ জিণ্টু গগৈ ককাইদেউৰ আই দৰে,
তই দিবি প্ৰতিজন জোৱানক
দেশৰ হকে প্ৰাণ ত্যাগিবলৈ,
এয়া মোৰ তোলৈ কাতৰ আহ্বান ৷