কিয় দিছিলি মোক গতাই (ইপ্সিতা দত্ত)

অ' পিতাই,
কিয় দিছিলি মোক
অচিনাকি মানুহজনৰ হাতত গতাই...
দুদিনৰ চিনাকি মাথো
ভাবিছিলি চাগে..
ধনী মানুহ..
কোট পিন্ধে, টাই মাৰে, গাড়ী আছে
ঘৰটোও ধুনীয়া.....
সুখতে থাকিব তাই...
এৰা, বহুত ধনী অ'...
নহ'লেনো তহঁতৰ মৰমৰ পৰা মোক কাঢ়ি লৈনে.... !
জাননে পিতাই,
ইহঁতৰ যে বিলাতী কুকুৰটো...
মোৰ লগত একেই...
মাথো ইয়াক বান্ধে লোহাৰ শিকলিৰে...
আৰু মোক...
নকওঁ দে কষ্ট পাবি...
সেই যে এটা দুটাকৈ শব্দবোৰ সজাইছিলো...
সেইবোৰ এতিয়া অতীত হ'ল...
কিমান দিন যে কলমটো দেখা নাই..
মোৰ হাতত এতিয়া কেৱল তেল হালধীৰ দাগ...
আইক এইবোৰ নক'বি পিতাই..
কষ্ট পাব...
এনেই প্ৰেছাৰ থকা মানুহ...
ইহঁতৰ প্ৰেষ্টিজ যোৱাৰ ভয়ত বন্দী মই অ'...
বৰকৈ মন যায়..
আইৰ হাতৰ কচু- ঢেকীয়াৰ জুতি ল'বলৈ...
কিন্তু...
মোৰ গাত যে এতিয়া সম্ভ্ৰান্ত বোৱাৰীৰ লেবেল ৷
কি কৰোঁ ক !
সেই যে আমাৰ ভগা পঁজাটো মোৰ হাঁহিত কঁপিছিল...
সেই হাঁহি আজি নাই পিতাই..
"জোঁৱাইয়ে নিলেও নিয়া;
যমেও নিলেও নিয়া" বুলিযে গতাইছিলি মোক...
সেই তেতিয়াই এৰিলোঁ সেই হাঁহি...।
তোৰ সেই ভদ্ৰ জোঁৱাইৰ
ৰাতিৰ অভদ্ৰ ৰূপত মই অভ্যস্ত...
শৰীৰত বেল্টৰ দাগবোৰো স্পষ্ট...
চিগাৰেটৰ ধোঁৱাই চানি ধৰা ৰুমটোত মোৰ উশাহ হেৰাই পিতাই...।
এদিন চাই যাবিহি তোৰ আইজনীক..
কিমান সুখত আছে ধনী জোঁৱাইৰ ঘৰত...
ওখ পকী বেৰাৰ মাজত ৷