হুৰ হুৰ বতা চৰাই
মোৰ ধান নাখাবি ৷
গোট কৰাই অানিছোঁ
হেঁপাহ পলোৱাই খা ৷
বকুল বৰাৰ চিৰা অায়ে খুন্দিছে ৷
নতুন অালহী অহাৰ কথা,
পিতাই ৰঙাজানলৈ গৈছে,
থমা দৈ বিচাৰি ৷
অ' বতা চৰাই
তোৰ ৰাজকোঁৱৰ ক'ত লুকাল?
মোৰ চকুলোৰ ঢলে অাখলৰ জুই নুমুৱাইছে ৷
বুকুৰ দুৱাৰ দলিত
নূপূৰ পিন্ধা বাসনাই
হিম হিম যন্ত্ৰণা হৈ
কবৰ খান্দিছে ৷
অায়ে কৈছে
অাঙুলিৰ জোখটো ভালদৰে দিবি ৷
অাঘোনতে কপালত জোন জিলিকাৰ কথা ৷
বতা চৰাই তোৰ ৰাজকোঁৱৰক ক'বি,,
গোটকৰাই লৈ চম্পাৱতী অাৰু নাহে,,
দুদিনৰ পিছত তাই শিৰত অাঁকিব
অচিন ৰাজকোঁৱৰৰ হেঙুল সপোন ৷
মোৰ ধান নাখাবি ৷
গোট কৰাই অানিছোঁ
হেঁপাহ পলোৱাই খা ৷
বকুল বৰাৰ চিৰা অায়ে খুন্দিছে ৷
নতুন অালহী অহাৰ কথা,
পিতাই ৰঙাজানলৈ গৈছে,
থমা দৈ বিচাৰি ৷
অ' বতা চৰাই
তোৰ ৰাজকোঁৱৰ ক'ত লুকাল?
মোৰ চকুলোৰ ঢলে অাখলৰ জুই নুমুৱাইছে ৷
বুকুৰ দুৱাৰ দলিত
নূপূৰ পিন্ধা বাসনাই
হিম হিম যন্ত্ৰণা হৈ
কবৰ খান্দিছে ৷
অায়ে কৈছে
অাঙুলিৰ জোখটো ভালদৰে দিবি ৷
অাঘোনতে কপালত জোন জিলিকাৰ কথা ৷
বতা চৰাই তোৰ ৰাজকোঁৱৰক ক'বি,,
গোটকৰাই লৈ চম্পাৱতী অাৰু নাহে,,
দুদিনৰ পিছত তাই শিৰত অাঁকিব
অচিন ৰাজকোঁৱৰৰ হেঙুল সপোন ৷








