মৈত্ৰী (মৃগাংক হাজৰিকা)

টান মুঠিৰ হাতবোৰত
অভাৱে- কঙালে হেঁচা মাৰি ধৰিলে
হাঁহি, মৰম, আৱেগ, বান্ধোনবোৰ
তুচ্ছ হৈ জিলিকে ৷
দেহ; দেহৰ ওপৰত মূৰ
আৰু মূৰৰ ওপৰত আকাশ
মনৰ ওপৰত আৰু তাৰ সৰু সৰু কোঠাত
বাহুবলীৰ নিৰ্মম প্ৰহাৰ
হাত সাবটা কৃষকে মাটি চহাই খেতি কৰিলে
হাঁহি- মৰম- আৱেগ- বান্ধোনবোৰ
উজলি উঠে
চকুত চকু,
হাতে হাত থৈ
মিলন যুঁটি বান্ধিলে
কামবোৰ সিঁজে
ঘৃণা- নিন্দা- অস্পৃশ্যতাবোৰ আঁতৰি যায়
হাঁহি- মৰম- আৱেগ- বান্ধোনবোৰ
উজলি উঠে
কৃষকে মাটি চহালে
মনবোৰ সেউজীয়া হৈ ফুলি উঠে ৷

ঠিকনাঃ দেৰগাঁও
পিন-৭৮৫৬১৮
জিলাঃ গোলাঘাট (অসম)