বীণ- ব'ৰাগী আৰু সিহঁতৰ গান এতিয়া অসময়
সেইবাবে সময়ৰ চকুত সৰিয়হ ফুল
পঁজাৰ ইকৰাৰ বেৰত বৃক্ষছায়া
হাতুৰীৰ কোবত
কামিহাড় ভঙা পঁজাৰ চালিখনৰ জীৱন এখন সাপ্তাহিক বজাৰ
পদূলিৰ গোলাপ শোৱনি কোঠাত
বীৰ্য্যৰ অগভীৰ নদীত জেকা লাগি মৃত
যেন ড্ৰেজাৰৰ অসুৰৰ আঘাত
নৈখনৰ পাৰত সূৰ্য্যৰ দৰে
উল্লাস
জোনাকত গা ধুই ৰাতি সাৰে থকা
মানুহজনী বীণ বজাই
সময়ক বান্ধি সূৰ্য্যৰ দেশত এৰি দিব ৷
দূৰভাষঃ ৯৭০৬৮২৯১৫৭
সেইবাবে সময়ৰ চকুত সৰিয়হ ফুল
পঁজাৰ ইকৰাৰ বেৰত বৃক্ষছায়া
হাতুৰীৰ কোবত
কামিহাড় ভঙা পঁজাৰ চালিখনৰ জীৱন এখন সাপ্তাহিক বজাৰ
পদূলিৰ গোলাপ শোৱনি কোঠাত
বীৰ্য্যৰ অগভীৰ নদীত জেকা লাগি মৃত
যেন ড্ৰেজাৰৰ অসুৰৰ আঘাত
নৈখনৰ পাৰত সূৰ্য্যৰ দৰে
উল্লাস
জোনাকত গা ধুই ৰাতি সাৰে থকা
মানুহজনী বীণ বজাই
সময়ক বান্ধি সূৰ্য্যৰ দেশত এৰি দিব ৷
দূৰভাষঃ ৯৭০৬৮২৯১৫৭








