দুৱাৰ (অংকুৰ শইকীয়া)

এবাৰত
মই নিশব্দে দুৱাৰখন খুলি দিওঁ বুলি
ভাবিলো
খুলি দিলো,
দুৱাৰ ডলি গচকি
সপোন এটি সোমাই আহিব ধৰিল ৷
তৎক্ষণাতে মোক আচম্বিত কৰি
আৰু এখন দুৱাৰ খোল খাই গ'ল ৷
দুনয়নৰ আলয় তৰাফুলীয়া কাৰেং হৈ পৰিল ৷

থতমত খালো
কেতিয়ানো আন্ধাৰ নে পোহৰৰ দোমোজাত
সৃষ্টি হ'ল 'বুকুৰ সুকুমাৰ ভাস্কৰ্য্য' ৷