তিনিশৰীয়া এমুঠি কবিতা (মায়া তালুকদাৰ)

(১)
কৃষ্ণচূড়া জোপাৰ তলৰ সেউজীয়া ঘাঁহনি ডৰাত
ব'হোগৈ ব'লা
মেঘৰ ছাঁয়াই গছৰ পাতৰ আঁৰে আঁৰে
গাত বোলাই যাব ৰহনীয়া বোল পাপৰি ৷

(২)
আধা খোলা খিৰিকীৰে দেখা আধা আকাশ
আধা মেলা দুচকুৰে আধা সপোন,
আধা দিঠক
আধা পোহৰ
আধা এন্ধাৰ
আৰু তাত চিলমিল
আধা তুমি আধা মই ৷

(৩)
তোমালৈ এটাই অনুৰোধ,
ঘড়ীটোলৈ চাই নাথাকিবা
তুমি নাজানা ঘড়ীৰ কাঁইটবোৰে
তোমাক মোৰ ওচৰত দেখিলে
খৰখেদা কৰি ভটিয়াই আবেলিৰ পিনে ।

(৪)
খামুচীয়া কঁকালত যি দৰে গাগৰি নাচে
নৈয়ে এঙামুৰি কাঢ়িলে দূৰৈত নাচি উঠে
বগলীৰ পাখি যেন শুকুলা পাল,
ঢৌৱে ঢৌৱে ।

ঠিকনাঃ বগুৰীহাটি, নলবাৰী ।