ভাল পাব নোৱাৰিম, অ' ফাগুন
তোক
কিয়নো যে তই খাম- খেয়ালী
কিয়নো যে তই দুষ্ট ক'ৰবাৰ নিলাজটি
কিয়নো যে তই উন্মনা, অহংকাৰ, অভিমানেৰে বদনামো এভাগি
সেয়ে মই তোক ভাল পাব নোৱাৰিম অ' ফাগুন
তইতো আহিয়ে মাঘৰ নিহালি খনকে ভাকুটকুটাবহি
তইতো আহিয়ে পলসুৱা মোৰ ভেঁটিটো জগাই কঁপাবহি
তইতো আহিয়ে মোৰ বেৰৰ জলঙাৰে
সৰা পাতৰ নক্সা সিঁচৰিত কৰহি
তেনেহ'লে বাৰু তয়েই ক' চোন ফাগুন
ভাল পাওঁনো কি স'তে তোক
আৰু যে সেই পাকঘূৰণীয়া চাম্বাজাক
নিৰ্জু বননিকো ঘূৰ্মুটিয়াই মাৰে
চিকুটি- বাকোঁটি আলৈ- আথানি
ফাগুন অ'
কিয়নো আহ বাৰু তই
পাশাখেলৰ বিচিত্ৰতাৰে গা ভৰা
গছজাককো বানে কোবাবহি
নাজল নাঠলেৰে লঠঙা এটি মাথো
ধূসৰিত পট-
অ' ফাগুন
সেয়াটো তই ভাবিয়ে নাচায়
তোৰ অখণ্ড নাট্য আখৰাত
লাজ হেৰুৱাই সিহঁতবোৰ যে
উচুপি নিটাল মাৰে
গাভৰুজাকৰো যে সেই একেই দশা
গোপনীয়তা পঢ়িবলৈ ক'ত যে
নিলাজ শব্দৰে পচোৱাকো আগচি
কঁপনি তোলহি
কথাটিও তেনেকুৱাই
নাপাওঁ অ' সেয়ে ভাল তোক
পলাশ, মদাৰ, শিমলুৰে উৰণীয়া
সখা বান্ধি
যিমানেই আহি তই নবজাবহে কিয়
তেজৰঙা সুহুৰিটো তেজৰঙা সুহুৰিটো
তথাপিও
ভাল পাব নোৱাৰিম অ'
ফাগুন তোক ৷
ঠিকনাঃ শিৱসাগৰ
কিয়নো যে তই খাম- খেয়ালী
কিয়নো যে তই দুষ্ট ক'ৰবাৰ নিলাজটি
কিয়নো যে তই উন্মনা, অহংকাৰ, অভিমানেৰে বদনামো এভাগি
সেয়ে মই তোক ভাল পাব নোৱাৰিম অ' ফাগুন
তইতো আহিয়ে মাঘৰ নিহালি খনকে ভাকুটকুটাবহি
তইতো আহিয়ে পলসুৱা মোৰ ভেঁটিটো জগাই কঁপাবহি
তইতো আহিয়ে মোৰ বেৰৰ জলঙাৰে
সৰা পাতৰ নক্সা সিঁচৰিত কৰহি
তেনেহ'লে বাৰু তয়েই ক' চোন ফাগুন
ভাল পাওঁনো কি স'তে তোক
আৰু যে সেই পাকঘূৰণীয়া চাম্বাজাক
নিৰ্জু বননিকো ঘূৰ্মুটিয়াই মাৰে
চিকুটি- বাকোঁটি আলৈ- আথানি
ফাগুন অ'
কিয়নো আহ বাৰু তই
পাশাখেলৰ বিচিত্ৰতাৰে গা ভৰা
গছজাককো বানে কোবাবহি
নাজল নাঠলেৰে লঠঙা এটি মাথো
ধূসৰিত পট-
অ' ফাগুন
সেয়াটো তই ভাবিয়ে নাচায়
তোৰ অখণ্ড নাট্য আখৰাত
লাজ হেৰুৱাই সিহঁতবোৰ যে
উচুপি নিটাল মাৰে
গাভৰুজাকৰো যে সেই একেই দশা
গোপনীয়তা পঢ়িবলৈ ক'ত যে
নিলাজ শব্দৰে পচোৱাকো আগচি
কঁপনি তোলহি
কথাটিও তেনেকুৱাই
নাপাওঁ অ' সেয়ে ভাল তোক
পলাশ, মদাৰ, শিমলুৰে উৰণীয়া
সখা বান্ধি
যিমানেই আহি তই নবজাবহে কিয়
তেজৰঙা সুহুৰিটো তেজৰঙা সুহুৰিটো
তথাপিও
ভাল পাব নোৱাৰিম অ'
ফাগুন তোক ৷
ঠিকনাঃ শিৱসাগৰ








