তোমাৰ কাষলৈ

মূল কবিঃ সুনীল গঙ্গোপাধ্যায়

অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি

পুৱা নহয়, তথাপি মোৰ

প্ৰথম চোৱাৰ ছটফটনি
দুপৰীয়া নহয়, তথাপি মোৰ
দুপৰীয়াৰ প্ৰিয় তামাচা
নদী নাছিল, তথাপিও নদী
পাৰ হৈ তোমাৰ কাষলৈ অহা ।


শিৰীষ গছত ৰ'দ লাগিছে
শিৰীষ ক'ত, মৰুভূমি !
আবেলি নহয়, তথাপি মোৰ
আবেলিৰ পিপাসা
চিঠিৰ খামৰ গোন্ধ বকুল
বিদেশ পানত তৃষ্ণা দৌৰে
তুমি নাছিলা, তথাপিও যেন
তোমাৰ কাষলৈ ফুৰিব অহা ৷