সম্পাদকীয়


১৯০৯ চনৰ ৩০ জানুৱাৰীৰ বাংলাদেশৰ ঢাকাত জন্ম গ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভা আছিল এজন কবি, শিল্পী, নৃত্য শিল্পী, ৰীজনীতিবিদ আৰু সমাজসেৱক আদি আছিল ৷ তেওঁ পিতৃ নাম গোপাল ৰাভা আৰু মাতৃ গেঠী ৰাভা আছিল ৷ তেওঁ ঢাকাৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰিছিল ৷ পঢ়া- শুনা কৰি ভালপোৱা বিষ্ণু ৰাভাই খেলি ভাল পাইছিল, ছবি আঁকি ভাল পাইছিল, অভিনয় কৰি ভাল পাইছিল আৰু সমাজৰ হৈ কাম কৰি ভাল পোৱা উপৰিও সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল ৷ তেওঁ স্পষ্টবাদী আৰু অনুভূতিৰ আৱেগপ্ৰৱন আছিল ৷ সাত বছৰ বয়সত 'হৰিশ্চন্দ্ৰ' নাটকত ৰাজকোঁৱৰ ৰোহিতাশ্বৰৰ অভিনয় কৰি তেওঁ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
১৯২৬ চনত বিষ্ণু প্ৰসাদ ৰাভাই প্ৰৱেশিকা পৰীক্ষাত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ স্থান পাই 'কুইন এমপ্ৰেছ' নামৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু কলিকতাৰ 'ছেণ্ট পল' কলেজত আই• এছ• চি নামভৰ্তি তৰি ১৯২৮ চনত আই• এছ• চি পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ৷ তাৰ পাছত কলিকতাতে থাকি 'ৰিপন' কলেজত পদাৰ্থ বিজ্ঞান বিষয়ত সন্মান সহ অৰ্থাত অনাৰ্চ লৈ বি• এছ• চি পঢ়িছিল ৷ সেই সময়ত ভাতৰত স্বাধীনতা আন্দোলন চলি আছিল আৰু ভাৰতীয় মানুহৰ ওপৰত ঠায়ে ঠায়ে পুলিচে অত্যাচাৰ চলাইছিল ৷ কাৰণ, বৃটিছ চৰকাৰে অসমৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা মানুহক ভাল নাপাইছিল ৷ ঠিক তেনেদৰে ৰিপন কলেজৰ ছাত্ৰ বাসতো পুলিচৰ নিৰ্যাতন, অত্যাচাৰ চলাইছিল ৷ বিষ্ণু প্ৰসাদ ৰাভা স্বাধীন চিতীয়া হোৱাৰ বাবে সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি পঢ়াত ব্যাঘ্যাত জন্মিব বুলি ভাবি ৰিপুন কলেজৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈ কোচবিহাৰৰ 'ভিক্তোৰীয়া' কলেজত বি• এছ• চিত পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ তৃতীয় বাৰ্ষিকত নাম লাগাইছিল গৈ ৷ ১৯৩০ চনত বাছনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই বি• এছ• চি ৰ ফাইনেল পৰীক্ষালৈ সাজু হৈছিল কিন্তু সেই সময়তে কিছু ঘৰুৱা অসুবিধা হোৱাৰ বাবে তেজপুৰলৈ আহিব লগা হৈছিল আৰু তেতিয়া ভাতৃ ৰঞ্জিত ৰাভাৰ মৃত্যু হৈছিল ৷ ইমানবোৰ বিপদৰ পাঠতো বিষ্ণু ৰাভাই তেজপুৰত চলি থকা অসহযোগ আন্দোলত সক্ৰিয় অংশগ্ৰহণ কৰি এক শোভাযাত্ৰাত ৰাজ পথত ধ্বনি দিছিল-
স্বাধীনতা লাগে........
মুক্তি লাগে...........
কিন্তু এই শোভাযাত্ৰ তেজপুৰৰ পুলিচৰ সহায়ত বৃটিছ চৰকাৰৰ হাতত পৰিলগৈ আৰু চৰকাৰে কলিকলা বিশ্ববিদ্যালক নিৰ্দেশ দিলে যে- বিষ্ণু প্ৰসাদ ৰাভাক বি• এছ• চি পৰীক্ষাৰ পৰা বঞ্চিত কৰিব লাগে বুলি আৰু লগে লগে কোচবিহাৰৰ পৰা তেওঁক বহিষ্কাৰ কৰিলে ৷

বিষ্ণুপ্ৰসাদ ৰাভাই হাৰ নামানি ভিক্তোৰীয়া কলেজৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈ ৰংপুৰৰ 'কাৰ মাইকেল' কলেজত বি• এ ৰ চতুৰ্থ বাৰ্ষিকৰ ইংৰাজীত অনাৰ্চ শাখাত নাম লগালে ৷ তাত টেষ্ট পৰীক্ষাত সকলো বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱাৰ উপৰিও ইংৰাজী অনাৰ্চ বিষয়তটো সৰ্বোচ্চ নম্বৰ পালে যদিও পুনৰ নিৰ্দেশ আহি পৰীক্ষা পৰা বহিষ্কাৰ কৰা আৰু এনে সিদ্ধান্তই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনলৈ দুৰ্যোগ নামি আহিল যাৰ ফলত তেওঁ শিক্ষা সামৰিব লগা হ'ল ৷

১৯৩৭ চনত বিষ্ণু ৰাভাই 'প্ৰাচীন কামৰূপ নৃত্যসংঘ' নামৰ এটা অনুষ্ঠানত যোগদান হৈ কলিকতাত গ্লোব থিয়েটাৰত এটি 'কামৰূপ সৃষ্টি' নামৰ এটি তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক চমক দেখোৱাবলৈ সক্ষম হৈছিল আৰু বিষ্ণু ৰাভাৰ সেই নৃত্য দেখি বংগদেশৰ কেইজনমান বিখ্যাত নৃত্যবিশাৰদকে ভূয়সী প্ৰশংসা কৰিছিল ৷ ইয়াৰ উপৰিও ১৯৪০ চনত কলিকতাৰ ষ্টাৰ থিয়েটাৰত নৃত্য কলাৰ বিষয়ে সুন্দৰকৈ বঙলা ভাষাত বক্তৃতা দি নিজৰ জ্ঞানৰ পৰিচয় দিছিল ৷ সেই একে সময়তে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ নিমন্ত্ৰণৰ মৰ্মে ১০৮ বিধ ভংগিমাত নৃত্য প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰা উপৰিও ভাৰতৰ শ্ৰেষ্ঠতম সাংস্কৃতিক সন্মান 'ভাৰত শ্ৰেষ্ঠ কলাবিদ' আৰু 'কলাগুৰু' উপাধি লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁক 'কলাগুৰু' শীৰ্ষক সন্মানীয় বিশেষণটোৰে বিভূষিত কৰিছিল ৷

তেজপুৰত জনসাধাৰণৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰিব নোৱাৰি কৰা আন্দোলন কৰিছিলে আৰু তেওঁ পুলিচৰ আগত দুখী হৈছিল ৷ পুলিচৰ পৰা আত্মগোপন কৰি ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈকে সুদীৰ্ঘ পাঁচ বছৰ অসমৰ ইমূৰৰ পৰা সিমূৰৰলৈকে ঘূৰি ফুৰিছিল ৷ কিন্তু শেষত ১৯৫২ চনৰ ১৬ জুলাই দিনা ঘিলাগুৰি গাৱঁৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰত আত্মগোপন কৰি থাকোতে তেওঁক পুলিচে গেপ্তাৰ কৰিছিল ৷

১৯৬২ চনত চীনে ভাৰতক আক্ৰমণ কৰিছিল আৰু ভাৰতৰ প্ৰতিৰক্ষা আইনৰ মতে বিষ্ণু ৰাভাক গেপ্তাৰ কৰিছিল ৷ প্ৰায় ৯ মাহ কাৰাবন্দী হৈ ১৯৬৩ চনৰ ২৪ আগষ্টৰ দিনা তেওঁ গাত একো দুখ নোপোৱাত অসম চৰকাৰে স-সন্মানেৰে মুক্তি দিলে ৷ তাৰ পাছত তেওঁ তেজপুৰলৈ গৈ সংসাৰখন গঢ় দিবলৈ চেষ্টা কৰিলে ৷ ১৯৬৭ চনত তেজপুৰ বিধানসভাৰ উপ- সভাপতি নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে ৷ তাৰ পাছত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয় চন্দ্ৰ শৰ্মাতকৈ অধিক ভোটত জয় হৈ তেজপুৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হ'ল ৷ কিন্তু দুভাৰ্গ্য ১৯৬৯ চনৰ ২০ জুনত সকলো অসমবাসীতৃক কন্দোৱাই এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰিলে ৷

এইজন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ সাহিত্য সংগীত, নৃত্য, নাট্য, খেল আদিৰ ক্ষেত্ৰত যিখিনি অৱদান আগবঢ়ালে আমি অসমবাসীয়ে সদায় সোঁৱৰো আৰু তেওঁৰ লগতে এই অৱদান সমূহ চিৰস্থায়ী হৈ অসমীয়া মাজত উজ্জ্বল নক্ষত্ৰ হিচাপে সদায় জিলিকি থাকিব ৷


ধন্যবাদেৰে-
ডিম্পল গগৈ, ডিব্ৰুগড়
দূৰভাষঃ ৮৮৭৬৬৩১১২৬