চমুকৈ বিষ্ণু প্ৰসাদ ৰাভা (হেমা চৌধুৰী গগৈ)


মুখত সোণৰ চামুচ লৈ ৰাজকীয় পৰিয়ালত জন্ম লৈয়ো সকলো দেশ আৰু জনসাধাৰণৰ বাবে ত্যাগ কৰি উলাই আহিছিল ৰাজ পথলৈ দেশৰ বাবে সমাদৰ বাবে কাম কৰিবলৈ ৷ সেইজন মহান ব্যাক্তি বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ উজ্বল নক্ষত্ৰ এইজন অমৰ শিল্পী আছিল একেধাৰে কবি, সংগীতজ্ঞ, নাট্যকাৰ, নৃত্য শিল্পী, ৰাজনীতি বিদ, সমাজ সেৱক আৰু বিপ্লৱী বীৰ ৷ তেওঁৰ দেউতাক আছিল এজন সৈনিক ৷ বৃটিছৰ শাসন কালত চাকৰিৰ সূত্ৰে তেখেতে আছিল পশ্চিম বংগৰ ঢাকাত (এতিয়া ঢাকা, বাংলাদেশৰ ৰাজধানী) দেউতাক গোপল চন্দ্ৰ ৰাভাও আছিল এজন সংগীত, ক'লা ভাল পোৱা ব্যক্তি ৷
১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে ঢাকাত আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হয় ৷ প্ৰতিজন শিল্পীৰ সপোন থাকে পৃথিৱীৰ সকলো মানুহৰ মাজলৈ শান্তি আৰু সুখ কঢ়িয়াই আনাটো তেওঁলোকে আন্ধাৰ বেয়া পায় নিজকে পোহৰৰ উৎস হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰে তেনে ব্যক্তিৰ সংখ্যা তেনেই তাকৰ ৷ অসমত শংকৰদেৱ, মাধৱদেৱৰ পিছতে জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা এইসকল ব্যক্তিৰ যি অৱদান সেয়া মূল্যৰে কিনিব নোৱাৰি ৷ যিসকলে ধনী আৰু দুখীয়াৰ মাজত কোনো বিভেদ নাৰাখি সমভাৱে ন্যায় বিচাৰ কৰে, তেনে ব্যক্তিৰ বাবেই এইসকল ব্যক্তিৰ কৰ্মৰাজি এক অনুপ্ৰেৰণা ৷
বিষ্ণুপ্ৰসাক সৰুতে ঘৰতে 'কটো' বুলি মাতিছিল ৷ চৰকাৰী আৱাসগৃহতো তেওঁলোকে এখন আপোন ঘৰলৈ পৰিৱৰ্তন কৰিছিল ৷ সৰুৰে পৰা লোক- সংস্কৃতি আৰু পৰম্পৰাৰে ডাঙৰ- দীঘল হৈছিল বিষ্ণ প্ৰসাদ ৰাভা ৷ লগৰীয়াৰ লগত খেলা- ধূলা, মাছমৰা সকলো কৰি আনন্দ পাইছিল ৷ দেউতাকে তেওঁলোকক অৱসৰৰ সময়ত কীৰ্তন- ঘোষা, গীতা আদি পাঠ কৰি শুনাইছিল এইবিলাক তেওঁ বৰ মনোযোগেৰে শুনি অনুধাৱন কৰিছিল ৷ তেওঁ তাৰ মাজতে ভগৱানক আৱিষ্কাৰ কৰি আত্ম সন্তুষ্টি পাইছিল আৰু সাহস গোটাইছিল ৷
ঢাকাত যিহেতু বেংগলী ভাষাৰ প্ৰাধান্য সেয়েহে বিষ্ণু ৰাভাৰ পঢ়া মাধ্যমো আছিল বেংগলী ৷ চতুৰ্থ শ্ৰেণীলৈ পঢ়াৰ পিছত দেউতাকে ঘৰৰ পৰিয়ালৰ সহযোগত তেজপুৰ চৰকাৰী বিদ্যালয়ত তেওঁৰ নাম লগাই দিয়ে ৷ প্ৰথম অৱস্থাত তেওঁ পঢ়াত ভাল নাছিল যদিও পিছলৈ মনত দৃঢ় প্ৰতিজ্ঞা হৈ ৰ'ল যে তেওঁ শ্ৰেণীত প্ৰথম হ'বই ৷ সেই ভাবধাৰাৰে তেওঁ সৱল হৈ প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰত প্ৰথম হৈ "The queen express gold madel" পাবলৈ সক্ষম হ'ল ৷

সংগীত ভালপোৱা দেউতাকে ঢাকাত থাকোতেই তেওঁলোক তিনিজনক সংগীতজ্ঞ ওচৰত সংগীত শিক্ষা দিয়াইছিল ৷ তেতিয়া বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীতৰ প্ৰতি হেঁপাহ নাছিল, কিন্তু কণ্ঠ আছিল অনুপম ৷ তেওঁ ৯ বছৰ বয়সতে "ৰজা হৰিচন্দ্ৰ" নাটকত ৰাজকুমাৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ তেওঁৰ সেই অভিনয় হৃদয়লৈ সোমাই গৈছিল আৰু তেতিয়াৰ পৰাই অভিনয় জগতৰ প্ৰতি তেওঁৰ এটা আসক্তি ভাব জাগি উঠিল ৷ তেজপুৰলৈ অহাৰ পিছত তেওঁ এটা নতুন পৰিৱেশ পালে আৰু একেধাৰে সংগীতৰ লগত জড়িত হৈ পৰিল ৷
১৯২৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ কলিকতাৰ 'টেণ্ট পাল' কলেজত নাম ভৰ্তি কৰে ৷ তেওঁ বিজ্ঞান শাখাত পঢ়াৰ উপৰিও কলিকতাৰ চুকে- কোণে সামাজিক কাম সমূহো কৰি গ'ল ৷ ১৯২৮ চনত I.Sc পৰীক্ষাত প্ৰথম বিভাগৰ উত্তীৰ্ণ হৈ 'ৰিপুন' কলেজত নামভৰ্তি কৰে ৷ ১৯২৯ চনত বছৰেকীয়া শেষ কৰি স্বাধীনতাৰ আন্দোলনত নামি পৰে ৷ বৃটিছৰ কবলত পৰা দেশবাসীক উদ্ধাৰৰ বাবে তেওঁ আপ্ৰাণ চেষ্টা কৰি এই আন্দোলনৰ এজন নায়ক হৈ পৰিল ৷ তেওঁ ৰিপুন কলেজৰ এজন ভাল ছাত্ৰ আছিল আৰু পুলিচৰ বাবে তেওঁ লক্ষ্য হৈ পৰিছিল ৷ আৰক্ষীয়ে আহি বাৰে বাৰে হোষ্টেলত অসুবিধা দি থকাৰ বাবে বিষ্ণু প্ৰসাদে কোঁচ বিহাৰলৈ গুচি গৈছিল ৷ তাত তেওঁ মহাত্মা গান্ধীৰ সহযোগত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত বহু সাহসীকতাৰে স্বাধীনতা হকে যুঁজ দিবলৈ আৰম্ভ কৰে ৷ লাহে লাহে তেওঁ কোঁচ বিহাৰতো পুলিচৰ নজৰলৈ আহিল ৷ তেওঁৰ দুই ঠাইত দুটা কেচ জাপি দিয়া হৈছিল যদিও কোনো প্ৰমান নোহোৱাৰ বাবে সাৰি গৈছিল ৷ তেওঁ শেষত পৰীক্ষাটো শেষ কৰি তেজপুৰলৈ উভতি আহিল ৷ তেজপুৰত পুনৰ ইংৰাজীত অনাৰ্চসহ B.A নামভৰ্তি কৰে মিচ্চেল কলেজত ৷

তেজপুৰতো জনসাধাৰণৰ ওপৰত চলা বৃটিছৰ অত্যাচাৰ তেওঁ সহ্য কৰিব পৰা নাছিল তেওঁ দিন ৰাতি এক কৰি কেৱল জনতাৰ বাবে যুঁজি গ'ল ৷ পুলিচৰ বাবে তেওঁ একমাত্ৰ লক্ষ্য হৈ পৰিল ৷ তেওঁৰ মূৰটোৰ বাবে ১০ হাজাৰ টকা ঘোষণা কৰা হাজাৰ হাজাৰ জনতাৰ মৰমৰ বিষ্ণু প্ৰসাদ ৰাভাক সকলো ৷ ৰক্ষা কৰি থাকিব জনতাই ৷ ১০ হাজাৰ বিনিময়ত জনতাই বিষ্ণুক হেৰুৱাব নোখুজিলে ৷ বিভিন্ন নামেৰে তেওঁ আত্মগোপন কৰিবলৈ ধৰিলে ৷ পিছে ১৯৫২ চনত গোৱাল পাৰাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷
বিভিন্ন ঠাইত ঘূৰি ফুৰোতে বিষ্ণু ৰাভাই সেই ঠাই সমূহৰ সংস্কৃতি সমূহ তন্ন- তন্নকৈ নিৰীক্ষণ কৰিছিল বৰপেটা সত্ৰত বৰগীত, গায়ন- বায়নকে আদি কৰি অসমৰ সকলো সংস্কৃতি একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল ৷ অসমৰ ভাষা সমূহকে তেওঁ আয়ত্ত কৰি ল'লে আৰু সকলো ভাষাতে গান গাব পৰা হ'ল ৷
নিজৰ দেশ, ভাষা, সাংস্কৃতিৰ ভাল পোৱা এইজন ব্যক্তি ঘৰুৱা জীৱন আছিল বৰ বেদনাদায়ক ৷ তেওঁৰ প্ৰথমা পত্নীৰ বিয়া কৰোৱাৰ এবছৰ পিছতে মৃত্যু মুখত পৰে ৷ তাৰ এবছৰ পত্নীৰ পিছতে তেওঁ দ্বিতীয় বিবাহ কৰাই আৰু সেইগৰাকী পত্নীৰ দুটি সন্তান পৃথিৰৰাজ আৰু আৰু হেমৰাজৰ জন্মৰ পিছত মৃত্যুৰ মুখত পৰে ৷ তেওঁ দুটি সন্তানৰ সৈ'তে এক সমস্যাৰ জৰ্জৰিত তেওঁৰ জীৱনত ৰখাই নথৈ অসমৰ সংস্কৃতি প্ৰসাৰৰ বাবে আগুৱাই থাকিল ৷ ১০৫৫ চনত তেওঁ তৃতীয় গৰাকী পত্নী বিয়া কৰোৱাই ৷ তেওঁ আছিল মোহিনী বসুমতাৰী ৷

১৯৬২ চনত চিনে ভাৰত আক্ৰমণ কৰাৰ ফলত বিষ্ণুৰাভা গুপ্তচৰ বুলি সন্দেহ কৰি ১৯৬২ চনৰ ১৯ নৱেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰে ৷ আঠ মাহ কাৰাবন্দী হৈ ১৯৬৩ চনৰ ২৪ আগষ্টত তেওঁ জেলৰ পৰা ওলাই ৷
জেলৰ পৰা ওলাই তেওঁ নিজৰ সংসাৰখন নতুনকৈ গঢ় দিবলৈ চেষ্টা কৰিলে ৷ তেওঁৰ ভাঙি যোৱা সপোনবোৰক পুনৰ জাগ্ৰত কৰিবলৈ সাহস দি নটসূৰ্য্য ফণী শৰ্মা তেওঁৰ ছাঁৰ দৰে থাকিবলৈ ল'লে ৷ এইজন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অসমৰ প্ৰতি যি অৱদান সেয়া ইমান কম বাক্যত কৈ শেষ কৰিব নোৱাৰি ৷ তেখেতৰ সাহিত্য সংগীত, নৃত্য, নাট্য, খেল আদিত যি অৱদান আমি অসমবাসীয়ে সদায় সোঁৱৰো আৰু এই সমূহ অৱদান চিৰস্থায়ী হৈ জিলিকি ৰ'ব ৷ এইজন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ১৯৬৯ চনৰ ২০ জুন তাৰিখে সমূহ অসমবাসীক কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে ৷ শাৰীৰিক ভাৱে তেওঁ তেখেত আমাৰ মাজত নাথাকিলেও তেখেত আমাৰ মাজত সদায় উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব ৷


ঠিকনাঃ গোলাঘাট
দূৰভাষঃ ৯৮৬৪৮৭৩৯৭৫