ধৰ্মীয় ভাৱে বৰ্তমান লোক (ৰিতুপৰ্ণ তামূলী)

মোৰ এই লেখাটোৰ দ্বাৰা কোনো ধৰ্মীয় ব্যক্তিক মনত আঘাত দিয়া বা কোনো ধৰ্মক অপমান কৰাটো লক্ষ্য নহয় ৷ এয়া মাত্ৰ এটা আলোচনাহে ৷
ভাৰতবৰ্ষ এখন ধৰ্ম- নিৰপেক্ষ দেশ অৰ্থাত সাংবিধানিক ভাৱে ভাৰতবৰ্ষত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহে বসবাস কৰিব পাৰে যদিও ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্থান বুলি কোৱা হয় ৷ কিন্তু, হিন্দু ধৰ্মৰ বাহিৰেও ভাৰতবৰ্ষত ইছলাম, বৌদ্ধ, শিখ, খ্ৰীষ্টান আদি সকলো ধৰ্মৰ মানুহে বসবাস কৰে ৷
ধৰ্ম নিৰপেক্ষ কি বা কি ধৰ্মৰ মানুহে ভাৰতবৰ্ষত বাস কৰে সেইটো আলোচনাৰ বিষয় নহয় ৷ আচলতে কোনো দেশ, অঞ্চল বা অনুষ্ঠানে ধৰ্মৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত হ'ব নোৱাৰে ৷ ইয়াৰ বিপৰীতে প্ৰতিটো অনুষ্ঠান- প্ৰতিষ্ঠান, দেশ মানৱ ধৰ্মৰ ওপৰতহে প্ৰতিষ্ঠিত হ'ব লাগে ৷
ধৰ্ম আমাক কিয় লাগে বা ধৰ্ম আমাক লাগে নে নালাগে ? এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ হয়তো আমাৰ কষ্ট হ'ব ৷ আচলতে মানুহে আদিম কালৰে পৰা যেতিয়া হয়তো কাপোৰ পিন্ধিবলৈ শিকা নাছিল, তেতিয়া ধৰ্ম কেনেদৰে পালন কৰিছিল, তেওঁলোকৰ ইছলাম কোন, হিন্দু কোন, বা শিখ কোন ধৰিব পাৰিছিলনে ? সৃষ্টিৰ আগতে মানুহক পৃথক কৰিছিলনে ?
তেনেকুৱা বহুতো প্ৰশ্ন হয়তো আমাৰ মনত উদয় হয় আৰু সেই প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত নাই ৷ ধৰ্ম মানে কি ? ইছলামে মছজিদত নামাজ পঢ়িবলৈ যোৱা, হিন্দুৱে নামঘৰত প্ৰাৰ্থনা কৰা বা কি নিয়ম নীতিৰে কৰিব পশ্চিমলৈ কৰি নে পূৱলৈ কৰিব প্ৰসাদ দিব নে নিদিব ? ইত্যাদি ইত্যাদি এইবোৰ যদি ধৰ্মৰ ভেটি হয় তেন্তে মানৱ ধৰ্ম অৰ্থাত মানৱ জাতিৰ লগতে প্ৰকৃতিৰ কল্যান হোৱাটো গুৰুত্ব নাই নেকি ? "ধৰ্ম"ৰ সত্যটো ৰক্ষা কৰিব হ'লে মানৱ জাতিৰ উন্নতি দুখীয়াজনক এসাজ দিব পৰা, অসুখীজনক সুখী কৰাটোতহে প্ৰথম গুৰুত্ব দিব লাগিব ৷
শাস্ত্ৰৰ মৌখিক আখ্যান সমূহৰ মতে একালত এক শ্ৰেণীৰ মানুহে দেৱ- দেৱীৰ পূজা কৰিবলৈ গৈ নৰবলি দিয়া, শৰীৰৰ তেজক পূজাৰ নৈবদ্য হিচাপে দিয়া জ্বলা জুই ফুলৰ ওপৰত বহি, পানীত আধা ডুবি তপস্যা কৰিছিল, বহুতে আকৌ এইবোৰ নীতি- নিয়ম লৈ অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈছিল ৷ যিবোৰৰ প্ৰভাৱ আজি পৰ্যন্ত দেখিবলৈ পোৱা যায় ৷ পৃথিৱীত বিভিন্ন সময়ত বিভিন্ন গুৰুৰ আৱিৰ্ভাৱ হোৱা আমাৰ বুৰঞ্জীত (আধ্যাত্মিক) দেখিবলৈ পোৱা গৈছে ৷ যেনে- শংকৰদেৱ, যীশুখ্ৰীষ্ট হজৰদ মহমদ, গুৰু নানক, বৌদ্ধদেৱ, ছাই বাবা আদি ৷ এই সকলো গুৰুৰ ভাষ্যত দেখিবলৈ পোৱা যায় যে তেওঁলোক প্ৰতিজনেই মানৱ কল্যাণৰ ওপৰত গুৰুত্ব দি এজন পৰমাত্মাৰ প্ৰতি চিন্তা কৰিছিল ৷ তেওঁলোকে আমাৰ দৰে ধৰ্ম ভীৰু নাছিল ৷ মানৱ জাতিৰ কল্যাণৰ বাবেহে মাত মাতিছিল ৷ হয়তো বাহ্যিক ধৰ্মক তেওঁলোক ঠাইভেদে জন্ম গ্ৰহণ কৰাৰ বাবে কোনোবাজন মুছলমান, কোনোবাজন হিন্দু, কোনোবাজন শিখ, কোনোবাজন আকৌ খ্ৰীষ্টান বা বৌদ্ধ হ'ল, কিন্তু তেওঁলোকৰ উদ্দেশ্য মাত্ৰ এটাই আছিল ৷ সেয়া হ'ল- মানৱ জাতিৰ কল্যাণ ৷
কিন্তু বৰ্তমান সময়ত আমি ভেদাভেদ ইমানেই সৃষ্টি কৰিছো যে আমি নিজৰ গাওঁখনতেই বা নিজৰ ঘৰখনতে ধৰ্মীয় প্ৰভাৱ দেখিবলৈ পাওঁ ৷
আগতেই কৈছো ধৰ্মৰ জৰিয়তে মানৱ সম্পদৰ কল্যাণ হোৱাটো প্ৰয়োজন ৷ কিন্তু বৰ্তমান সময়ত ধৰ্ম ৷ ধৰ্মক লৈ সংস্কাৰ কৰা অতি প্ৰয়োজন ৷ ধৰ্মীয় গোড়ামি ত্যাগ কৰি মানৱতাৰ স্থান দি এনে এক ধৰ্মৰ সৃষ্টি কৰিব লাগে য'ত মুছলমানৰ পৰা ধৰি মিচিং, কাৰ্বি, সকলো জাতিৰ মানুহে একেলগে বহা উঠা কৰিব পাৰে আৰু মানৱ সম্পদ সুস্থভাৱে গঢ় ল'বলৈ আৰম্ভ কৰে ৷ তেতিয়াহে ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ দেশ বুলি ক'ব পাৰি ৷

ঠিকনাঃ কাজিৰঙা