পৃষ্ঠা কেইটাই ৰূপমৰ চকুৰ আগত বহু কথাই দাঙি ধৰিছে । সি নিজক আৱিষ্কাৰ কৰিব পাৰিছে
তাহানিৰ দিনবোৰত । আন এটি পৃষ্ঠা লুটিয়াইছে ৰূপমে ।
আজি বহুত দিনৰ মূৰত ডায়েৰি লিখিবলৈ লৈছো । ৰূপম বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছে যে- তাৰ আলপৈচান ধৰোতে, গৃহ কাৰ্য্য কৰাওঁতে সময়ে নোপোৱা হৈছো । তাৰ নামভৰ্তি চহৰৰ ডাঙৰ বিদ্যালয় এখনতেই হৈছে, তাকো কাৰো সহায় নোহোৱাকৈ । বহুত সকাহ পাইছিলো সেইদিনা । তাৰ বাবে মোৰ যিখিনি ব্যস্ততা বাঢ়িছে, এতিয়া ভাল লগা হৈ আহিছে । তাক পঢ়োৱা, তাৰ সকলো জয়ৰ আনন্দোৎসৱ পতা, পৰাজয়ত জয়ৰ বাট দেখুওৱা ইত্যাদি বোৰেইটো মোৰ এতিয়া জীৱনৰ একমাত্র লক্ষ্য হৈ পৰিছে । ক'ৰবাত পঢ়িছিলো- নিজে কষ্ট কৰি সফলতাটো বহুতেই অৰ্জন কৰে, কিন্তু আনৰ বাবে নিজেই কষ্ট কৰি তেওঁক সফলতাৰ বাট দেখুওৱাত সহায় কৰাৰ সৌভাগ্য বহুত কম সংখ্যকৰ হে হয় আৰু মইও এনেকুৱা কিবা এটাই কৰিব বিচাৰো মোৰ বাচাৰ বাবে ৷
নিজৰ মাকৰ ডায়েৰিৰ আকৌ এটা পৃষ্ঠাই ৰূপমৰ চকুৰ আগেৰে... মাকৰ জীৱনৰ আন এটা অধ্যায় পাৰ কৰাই লৈ গ'ল । ৰূপমো এতিয়া তাৰ শৈশৱৰ দুৱাৰ দলিলৈ উভতি গৈছে । তাৰ মনত কেচেটৰ ৰিলৰ দৰে ভাহি আহিছে- কেনেকৈ মাক ৰাতিপুৱা সূৰ্য্যোদয়ৰ আগত উঠিছিল, তাক জগাই হাতত কিতাপ তুলি দিছিল, টোপনি ভাঙিবলৈ কেতিয়াও সি কুঁৱাৰ পাৰলৈ যোৱাৰ প্ৰয়োজন হোৱা নাছিল, মাকে চাদৰৰ আচলখন তিয়াই তাৰ দুচকু মচি দিছিল । চোতালত বাঢ়নি দিয়াৰ পৰা আৰম্ভ কৰি অন্যান্য নিত্য কৰ্মবোৰ কৰি মাক পাক ঘৰত ব্যস্ত হৈ পৰে, তথাপিও প্ৰতিবাৰেই সি ধৰা পৰি যায় যিমান বাৰেই টোপনিয়াবলৈ ধৰে । কেতিয়াও বুজি নাপালে সি, মাকে গম পায় কেনেকৈ । কাপোৰৰ পৰা আৰম্ভ কৰি, জোতাযোৰলৈকে সি কেৱল মাককেই চিঞৰি মাতিছিল । তাৰ এতিয়াও মনত আছে- গণবেশৰ টাই মাৰি দিয়াৰ সময়ত প্ৰতিদিনেই পিতাকৰ পৰা কিবা নহয় কিবা যে শুনিব লগা হৈছিল । তেখেতে কৈছিল- "ডাঙৰ হৈছ এতিয়া... নিজৰ কামবিলাক নিজেই কৰি লোৱা কৰ" মাকৰ বেয়া লাগিছিল সদায়- সদায় বিদ্যালয়লৈ যোৱাৰ সময়ত ৰূপমে পিতাকৰ পৰা দাবি- হুমকি খাবলগীয়া হোৱাৰ বাবে । পিছত মাকে নিজেই শিকি লৈছিল কেনেকৈ টাই মাৰে... যাতে, মৰমৰ পুতেকে পিতাকৰ পৰা হুমকি খাব নালাগে । আৰু পিছলৈ ও বহুদিনলৈকে মাকেই তাক টাই মাৰি দিছিল । শৃংখলিত তথা পৰিপাটি সাজপাৰৰ বাবে ৰূপমে বিদ্যালয়ত বহুকেইবাৰ পুৰস্কাৰো পাইছে ।
কিন্তু, সি পাহৰি গৈছে যে কেইবাদিনো জোতা চাফা কৰিবলৈ ব্ৰাচ বিচাৰি নোপোৱাৰ বাবে মাকে নিজৰ চাদৰৰ আচলো লেতেৰা কৰিছিল । ৰূপমৰ এদিনো শ্ৰেণী খতি নহওঁক বুলিয়েই কোনো বিয়া অথবা অন্যান্য অনুষ্ঠানলৈ ন'গৈছিল বেলেগ অজুহাত দেখাই । ৰূপমৰ সৰু- সুৰা জেদবোৰ পূৰণ কৰিবলৈকে মাকে নিজৰ বহু ইচ্ছাৰ বলিদান দিবলগীয়া হৈছিল ।
ৰূপমৰ চকুত সেইটো কথা ভাহি আহিছে- যেতিয়া প্ৰৱেশিকা পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱাৰ পিছত সি মাকৰ আগত কম্পিউটাৰ এটিৰ বাবে জেদ ধৰিছিল । পিতাকৰ সম্মুখত একো কোৱাৰ সাহস যে নাছিল তাৰ । মাকেই তাৰ বাৰ্তাবাহক আছিল, তেখেতেই তাৰ সকলো কথা পিতাকৰ কাণ চোৱাইছিল । পিতাকে কম্পিউটাৰটো এবছৰ পিছত দিয়াৰ কথা কৈছিল । তেতিয়া ৰূপমৰ উদাস চেহেৰা চাই থকাৰ ক্ষমতা মাকৰ নাছিল । নিজৰেই কিছু জমাপুঞ্জীৰে তেখেতে ৰূপমক কম্পিউটাৰ দিয়াইছিল । পিতাকে বহুকেইবাৰ বাধা দিছিল যে - "তুমি সেইকেইটা টকাৰে তাক কম্পিউটাৰ আনি দিব নালাগে ।" কিন্তু, মাকে নুশুনিলে পিতাকৰ কথা । পিছত গম পাইছিল যে মাকে সেইখিনি টকা সোণৰ খাৰু কিনিবলৈ জমা কৰিছিল । যিটো মাকে পিছত আৰু কেতিয়াও নাপালে ৷ (আগলৈ)