ৰ'দৰ চিঠি -৪ (ৰ'দ ৰাগিনী)

কাণিমুনি সন্ধিয়াতো জয়াল নিশাৰ দৰে লাগিল পাৰ্থৰ ৷ অচিনাকী খলা- বমা পথটোৰে ৰচকী বাইৰ ঘৰলৈ মিলন খুড়াৰ লগত গৈ থাকোতে সি কেইবাবাৰো উজুটিয়ালে ৷ মিলন খুড়াই তাক শেষত ধৰি লোৱাৰ দৰে হ'ল ৷ অচিনাকী পথ, খলা- বমা, তাতে আকৌ ৰাতি ৷ দিনত মিলন খুড়াই ৰচকী বাইৰ ঘৰলৈ আনিব নোৱাৰে পাৰ্থক ৷
সামাজিকভাৱে বৰ্জিত ৰচকী বাই ৷ এইজনী মানুহৰ ঘৰলৈ দিনে পোহৰে আহিলে মিলনৰ যে সমস্যা হ'বই তাতকৈয়ো বেছি সমস্যা সন্মুখীন হ'ব পাৰ্থ ৷ কোনোবাই যদি অসম গৌৰৱ পাৰ্থ হাজৰিকাক ৰচকী বাইৰ ঘৰলৈ যোৱা দেখে তাৰ পাছত আৰম্ভ হৈ যাব বিভিন্ন ধৰণৰ সৰৱ আলোচনা ৷ এনেও যিকোনো এটা বিষয় পালেই তাক হৰেক ৰকমৰ ধাৰণা, বৰ্ণনা, সমালোচনাৰে থকা সৰকা কৰাতো গাওঁ অঞ্চলৰ মানুহৰ স্বভাৱগত প্ৰবৃত্তি ৷ গতিকে, মিলন খুড়াৰ কথা ৰাখি সন্ধিয়া ৰচকী বাইৰ ঘৰলৈ যাবলৈ সন্মতি জনাইছিল পাৰ্থই ৷
পথৰ খলা-বমাবোৰ যেন শেষেই ন'হব মিলন খুড়াৰ ঘৰৰ পৰা বহু দূৰ ৰচকী বাইৰ ঘৰলৈ ৷ গাওঁখনৰ একেবাৰে মূৰত বাইৰ ঘৰ বুলি কৈছিল খুড়াই পাৰ্থই নোসোধা স্বতেও মিলন খুৰাই কৈছিল বাইৰ বিষয়ে ৷ ঘৰৰ সৰু- সুৰা শাক- পাছলি খেতি কৰি ওচৰৰ বজাৰত বিক্ৰী কৰেগৈ বায়ে ৷ বজাৰৰ পৰাই প্ৰয়োজনীয় বস্তুবোৰ কিনি আনে নহ'লে গাৱঁত যি দুই- এখন দোকান আছে তাত ৰচকী বাই প্ৰৱেশ নিষিদ্ধ কৰা আছে ৷ একমাত্ৰ ছোৱালীজনী বুলবুলিকো বৰ কষ্ট কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰালে ৰচকী বায়ে ৷ অৱশ্যে বুলবুলি ৰচকী বাইৰ নিজৰ সন্তান হয়নে নহয় গাৱঁৰ বহুতেই নাজানে ৷ কিন্তু বৰ ভাল ছোৱালীজনী তাঁত বয়, কাপোৰ বিক্ৰী কৰে ডাঙৰ হোৱাৰে পৰা বুজা হোৱাৰে পৰা ৰচকী বাইক বৰকৈ কৰিবলৈ নিদিয়ে ৷ কামবোৰ নিজেই কৰে সকলো ৷ এনেদৰেই ৰচকী বাইৰ বিষয়ে কৈছিল মিলন খুড়াই, বুলবুলিৰ কথাও কৈছিল- কিন্তু এইটো কথা কোৱা নাছিল যে গাৱঁলৈ অহা প্ৰথমতো আবেলিত পাৰ্থই দেখা ছোৱালীজনী যাৰ বিষয়ে মিলন খুৰাই "ৰ'দ খেদি ফুৰে" বুলি কৈছিল তায়েই যে বুলবুলি ৷ (আগলৈ)