খহনীয়া (দিপাঙ্কৰ অনুৰাগ)


সকলোবোৰ এদিন শেষ হয়,
হৈ আহিছে,
হৈ থাকিব ৷


সময়বোৰ এতিয়াৰ দৰেই
অকলশৰীয়া চাকিটিৰ স'তে
নৈপৰীয়া ঘৰটিত ওলমি ৰ'ব ৷


ঢৌৱে নেদেখে কেতিয়াও
গৰা খহিলে ওলোৱা
কান্দোনৰ দাগ ৷


সোঁতে নোসোধে কাহানিওঁ
তাৰ সৈ'তে ভাঁহি গ'ল
কতনা হৃদয়ৰ মাত ।


ভগা চালৰ কোঠাত
বৰষাৰ আমেজ কিমান !
কোন কবিয়ে বুজে ?
তিনিদিনত এসাঁজ খোৱা মানুহে
ডায়েটিং কৰিব কিদৰে ?
নিতৌ সহস্ৰ গৰা খহিব,
শতবাৰ হৃদয় ভাগিব,
পুতলাৰ দৰেই মানুহে হাঁহিব/কান্দিব ৷
তথাপি জীৱন চলে- এনেকৈয়ে,
জীয়াই থকাৰ নামেই জানো জীৱন নহয় ?
কিন্তু উশাহ লৈ থকাকেই জানো,
আপুনি জীৱন বুলি কয় ?


দূৰভাষঃ ৮৭২১৮৬১৯২৯