নিৰুদ্দেশ (গুনীন চৌধুৰী)
মোৰো কেতিয়াবা
নিৰুদ্দেশ হ’বৰ মন যায়
হেৰাই
যাবৰ মন যায়
ধৰাৰ কোনো এটা চুকত
অথবা শেষ প্ৰান্তত
আকৰ্ষণৰ পৰা
আঁতৰি
বিকৰ্ষণ বিচাৰি
য’ৰ পৰা দেখা যায় কেৱল মহাশূন্য !
যেন তাৰ
পৰাই প্ৰসাৰিত কৰিম
মোৰ দুহাত
আহঃ এয়া কি সুখ !
এজাক যেন
বৰষুণ
আৰু বৰষুণে ধুই নিয়া
এডৰা সেউজীয়া !
দূৰভাষঃ ৮৮১১০৮৫৯৯২