মূল লেখকঃ পাওলো কোৱেলো
অনুবাদঃ ছা-হা-বা হাৰ্টি
দীপকজ্যোতি এবাৰ এটি গুহাৰ কাষেৰে গৈ আছিল । সি ভিতৰত এজন বাবাক গভীৰ ধ্যান মগ্ন অৱস্থাত দেখা পালে । সি বাবাজনক সুধিলে যে আচলতে কিহৰ উদ্দেশ্যে তেওঁ এইদৰে ধ্যানমগ্ন । বাবাই উত্তৰ দিলে- "মই প্ৰাণীৰ আচৰণ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে এনেকুৱা কিছু আচৰণ সম্পৰ্কেও জ্ঞান লভিবলৈ সক্ষম হৈছো যিবোৰ মানুহৰ জীৱনত স্থানান্তৰযোগ্য ।"
দীপকজ্যোতিয়ে ক'লে- এবাৰ এটা মাছে মোৰ জীৱন ৰক্ষা কৰিছিলে । সেই ঘটনা মই আপোনাক ক'ম, যদি আপুনি আয়ত্ব কৰা জ্ঞানৰ কথাবোৰ মোক শিকাই । বাবা হতভম্ব হৈ গ'ল; একমাত্ৰ পৱিত্ৰ ধাৰ্মিক মানুহৰ জীৱন হে মাছৰ দ্বাৰা ৰক্ষা হোৱা দৃষ্টান্ত থাকিব পাৰে । বাবাই সিদ্ধান্ত ল'লে দীপকজ্যোতিক সকলো শিকাব ।
ধ্যানমগ্ন হৈ অৰ্জন কৰা সকলো জ্ঞান শিকোৱাৰ পাছত বাবাই ক'লে, এতিয়ালৈকে মই যিমান জ্ঞান অৰ্জন কৰিছিলো সকলো জ্ঞানৰ সম্পৰ্কে তোমাক শিকাই দিছো । এতিয়া মাছটোৱে কেনেকৈ তোমাৰ জীৱন ৰক্ষা কৰিছিল সেয়া জনালে কৃতাৰ্থ হ'ম । "খুব সহজ" দীপকজ্যোতিয়ে উত্তৰ দিলে । মই যেতিয়া মাছটো ধৰিছিলোঁ তেতিয়া মই ভোকত মৃতপ্ৰায় আছিলো, সেই মাছটোক ধন্যবাদ জনাও যে মোৰ তিনিদিনৰ খোৱাৰ যোগান ধৰিছিল ।
পাওলো কোৱেলো (Paulo Coelho):
১৯৪৭ চনৰ ২৪ আগষ্টত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' নামৰ ঠাইত এইজন বিখ্যাত সাহিত্যিকৰ জন্ম হৈছিল । তেওঁৰ গ্ৰন্থ সমূহৰ ভিতৰত বিশেষভাৱে স্বীকৃতি প্ৰাপ্ত গ্ৰন্থখন হৈছে 'দ্যা এলকেমিষ্ট' (The Alchemist) ৷ এই গ্ৰন্থখন ব্ৰাজিলৰ সৰ্বাধিক বিক্ৰী শাৰীত অন্তভূক্ত হোৱাৰ উপৰিও লেখকজন জীৱিত অৱস্থাতে বিশ্বৰ সৰহ সংখ্যক মুঠ ৮১ টা ভাষালৈ অনুদিত হোৱাৰ বাবে একমাত্র গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল ৷ তেওঁৰ আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে দ্যা ফিফট মাউণ্টেইন, ইলেভেন মিনিটছ, ব্ৰাইডা, দ্যা উইনটাৰ ষ্টেণ্ডছ এ'লন ইত্যাদি ৷ তেওঁৰ ত্ৰিশখন মুঠ গ্ৰন্থৰ ভিতৰত তিনিখন আত্মজীৱনী মূলক গ্ৰন্থ । ২০১৬ চনৰ ইউনাইটেড কিংডমৰ এক সমীক্ষা অনুসৰি তেওঁৰ ৰচনা ৰাজিৰ মুঠ দুশ দহ মিলিয়ন কিতাপ এশ সত্তৰখন দেশত বিক্ৰী কৰি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লেখকৰ তালিকাত দুই নম্বৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল ৷
অনুবাদঃ ছা-হা-বা হাৰ্টি
দীপকজ্যোতি এবাৰ এটি গুহাৰ কাষেৰে গৈ আছিল । সি ভিতৰত এজন বাবাক গভীৰ ধ্যান মগ্ন অৱস্থাত দেখা পালে । সি বাবাজনক সুধিলে যে আচলতে কিহৰ উদ্দেশ্যে তেওঁ এইদৰে ধ্যানমগ্ন । বাবাই উত্তৰ দিলে- "মই প্ৰাণীৰ আচৰণ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে এনেকুৱা কিছু আচৰণ সম্পৰ্কেও জ্ঞান লভিবলৈ সক্ষম হৈছো যিবোৰ মানুহৰ জীৱনত স্থানান্তৰযোগ্য