প্ৰতি,
জাপানৰ ছোৱালীজনী,
বহু সময় তোমালৈ চিঠি দিয়া নাছিলো তোমাৰ দূৰত্বই হতাশা কৰিছিল সঁচা পিছে তোমাক পাহৰি যোৱা নাই ৷ কথাতেই কয় নহয় সঁচা প্ৰেম বোলে নৈৰ বোৱঁতী সোঁতৰ দৰে ৷ মোৰ বন্ধুই কৈছিল সেইবাবেই চাগে আজিও শুকান ডালত ৰঙা শিমলু ফুলে ৷ তুমি চাগে আজি ঘৰত নাই তোমাৰ বিয়াৰ দিন ধৰি তোমালোকৰ পদূলিৰ ফালে আঙুলিটোৱেও চোৱা নাই ৷ আঘাতত নহয় প্ৰেমৰ ভয়ত ৷ যদি এতিয়াও প্ৰেমত পৰো ! তুমি চাগে জাপানৰ কথা বতৰা পাতিব পৰা হ'লা জাপানীচ ইংলিচ জাপানৰ ষ্টাইল তোমাৰ নতুন সংসাৰ তোমাৰ নতুন জীৱন ৷ জাপানতেই আছাতো ! নে তোমাৰ দেউতাৰ ঘৰত নে তোমাৰ মিষ্টাৰৰ লগত ৷
সেই.... কিযে উলায় আহে নহয় বেয়া নাপাবা সাহিত্যৰ অভাৱে জুৰুলা কৰিছে নীলিম কুমাৰ হ'ব নোৱাৰিলো ভাষাবোৰে আমুৱাইছে নেকি তোমাৰ মিচ্ জাপানীচ গাৰ্ল ৷ তুমি ধুনীয়া বাবেই জাপানলৈ উৰি গুছি গলা মোৰ দেউকাই ঢুকি নোপোৱা তোমাৰ চহৰলৈ ৷ প্ৰথমতেই শুধিলো তোমাৰ জাপানৰ ৰাজধানীৰ কথা ভালে আছে নহয় সকলোৱে ! তোমাৰ ঘৰতো মাৰ সন্তান মৰমৰ পোৱালিটো ৷ অ, শুনাচোন তুমিবলে কিবা চিনেমাত কাম কৰিছা শুনি খুউৱ আনন্দিত হ'লো ৷ চাবলৈ যাম দিয়া তাতেই তোমাৰ নতুন অভিনয় ৷ কি বঢ়িয়া লাগিব নতুন অভিনেত্ৰী তাতেই আৰু স্মৃতিৰ এচোক ৷ নামতো শুনছো কিবা টিউৱলাইট নে কি ৷ তুমি টিউৱলাইটৰ দৰেই উজ্জ্বল পূৰ্ণিমাৰ জোনাক ৷ তাক আন পোহৰে বিচাৰি নাপায় ৰাতিৰ মাদকতা ৷ আমাৰ ওচৰৰে প্ৰাগজ্যোতিষ্ হ'লত তোমাৰ ডাঙৰ ৰঙা ওঁঠৰ গুলপীয়া পোষ্টাৰ লগাই থোৱা আছে ৷ দেখিলেই বুকুত গোলাপ তগৰ ফুলিব খোজে ৷ তোমাৰ ফুলনিত মৌ হৈ পাণ কৰিবলৈ মন তোমাৰ কে এ ফচি কেম দেহত ৷ পিছে ল'ৰাবোৰে যদি হ'লত তোমাকলৈ চিঞৰে মই কান্দি পেলাম ৷ ভুল নাভাৱিবা মৰমতে কান্দিম তোমাৰ নাম লৈ অনুভৱত ! কলমটো লয়ছিলো হে কিবা লিখিম বুলি হয়তো তাৰ টোপনি লাগিল এতিয়া নিলিখা হ'ল ঠিকেই কিবা কিবি লিখাৰ যোগ্যতাও চাগে হেৰুৱালো সেয়েহে বেয়া নাপাবা তোমাক নুশুদাকৈ চিঠি খন পঠিয়ালো তোমাৰ জীৱন সুখৰ হওঁক পাৰিলে সুখি হৈ থাকিবা ৷ তোমাৰ নতুন জীৱনে আৰম্ভ কৰক সোণাৰুৰ ৰঙেৰে... পাৰিলে মোলৈ চিঠি পঠিয়াবা তোমাৰ চিঠি পালেই মই আৰম্ভ কৰিম হেৰুৱা জীৱনটো আশীৰ্বাদ কৰিবা হোৱাটচ্ এপ নম্বৰ মোক নেলাগে দিয়া, ফেচবুকতেই চাৰ্চ কৰিম তোমাৰ প্ৰফাইল ৷
শেষত তোমাৰ দিলৰুৱা প্ৰেমিক ৷
ঠিকনাঃ গুৱাহাটী, মালিগাওঁ
পিনঃ ৭৮১০১১
দূৰভাঃ ৭৩৯৯৮২০৬৩৯