নীলা খামৰ চিঠিৰ (দিব্যাশ্ৰী নিয়ৰ বৰুৱা)

মৰমৰ চন্দ্ৰা,
মৰম ল’বা ৷ তোমাৰ মৰমত মৰমেৰে লিখিছো তোমাৰ চিঠিৰ উত্তৰ ৷ শুনা তুমি মোৰ কথা ইমানকৈ চিন্তা নকৰিবা চোন মই কুশলেই আছো ৷ তোমাৰ কুশল বাৰ্তাৰ অপেক্ষা কৰো সদায় ৷ চন্দু তুমি বৰ অনুভৱী হৈ গৈছা হেনো আজিকালি হ'বাই কাৰণ এখন ঘৰৰ গধুৰ দায়িত্বত এতিয়া তুমি ৷ মই জানো মোৰ গভীৰ বিশ্বাস মোৰ চন্দ্ৰা জনীয়ে নতুন ঘৰৰ আটাইৰে মন পোহৰাই ৰাখিবা মৰম দিবা নিজৰ সুখৰ জোখাৰে সুখ সানি দিবা… আটাইৰে মৰমৰ হৈ পৰিবা অচিনাকী বোৰৰ মনৰ নিচেই চিনাকী আপোন হৈ পৰিবা…
তুমি মোক ব্যৰ্থ প্ৰেমিক বুলি নাভাবিবা… নাভাবিবা তোমাৰ অবিহনে মই আগৰ নিচিনা মাতাল হৈ যাম… দিন ৰাতি সমানে গাৰু তিয়াই উচুপিম…! মই সাৰ্থক প্ৰেমিক চন্দ্ৰা তোমাৰ নামৰ… শুনা আঁকৰী তুমিয়ে মোক শিকাইছিলা ত্যাগ কৰিবলৈ মই এতিয়া সুস্থ মনৰ এজন সাৰ্থক প্ৰেমিক তোমাৰ নামৰ… চন্দু সপোন ময়ো দেখিছিলো তুমি মই মিলি আমি হোৱা …! কিন্তু যেতিয়া মই মোৰ প্ৰেমৰ ধূলিসনা সপোনৰ চকু দুটি খুলি থ’লো তাত আমি এক হৈ সুখৰ শেৱালি বুটলিব নোৱাৰো… বাস্তৱৰ কোঙাল হৃদয়ে অনুমতি নিদিলে আমি এক হৈ দুখৰ চকুলো টুকাৰ…!
চন্দ্ৰা এই সময়ত নোৱাৰো তোমাক মই মোৰ আপোন কৰি পঁজাৰ ভগাবেৰ মচিব দিব…! কি বুলি বুজাম তোমাক তুমিটো জানাই মোৰ হৃদয়ৰ সমস্ত… আৰ্থিক অৱস্থাই কোঙা কৰি যোৱা এজন মাতাল প্ৰেমিক কিন্তু এতিয়া তোমাৰ নামৰ এজন সাৰ্থক প্ৰেমিক… চন্দু মই তোমাক ছাহজাহান হৈ তাজমহল সাজি দিব নোৱাৰিলেও এখনি সুখৰ সংসাৰ তো সাজি দিব পাৰিছো ৷ য’ত তুমি সকলো পাবা সুখৰ মাজত অকল মোক বিচাৰি নাহিবা ৷ চোৱা চন্দ্ৰা তোমাৰ স'তে মই সুখৰ ঘৰ সাজিব পাৰিলেও তোমাৰ জোখেৰে মই তোমাক সুখত ৰাখিব নোৱাৰিম… মই সহিব নোৱাৰো চন্দু কোনোদিনে মাটি, বোকা গচকি নোপোৱা জনীয়ে পথাৰৰ বোকাত নামি ৰ’দত শুকাই ক'লা পৰি যোৱাটো…! মই সহিব নোৱাৰো চন্দু আবেলি বেলকনিত বতাহৰ বা লৈ কফিৰ সোৱাদ লোৱা জনী জুপুৰিৰ চোতালত বিচনীৰে মহ কোবাই থকাটো… চন্দু মই প্ৰতিজ্ঞা লৈছিলো মিছা নকওঁ তোমাক চিৰদিন একেদৰে ভালপোৱাৰ… কিন্তু চন্দু আপোন কৰি আনি চিৰদিন দুখত ৰখাটোতকৈ ভংগ প্ৰতিজ্ঞাকেই মই ভাল পাওঁ য’ত তুমি সুখী তাকেই মই ভাল পাওঁ ৷
চন্দু তুমি নাজানো কিয় এই কোঙাল প্ৰেমিক জনক বাচি লৈছিলা যিয়ে তোমাক জীৱনৰ সুন্দৰ যুগ্ম জীৱনটিৰ বাবে আনৰ হাতত সুপি দিলে… মই সুখী চন্দু তোমাৰ সুখত ৷ তুমি নতুন ঘৰখনক নিজৰ কৰি লোৱা মই জানো তুমি য’তেই থাকিবা তাতেই সুখবোৰ মদাৰ, পলাশ হৈ তৰাফুল হৈ আকাশ জিলিকাব মন জিলিকাব ৷
মোৰ বাবে নিজক কষ্ট নিদিবা চোৱা তোমাৰ বিয়া মোৰ অনুমতিত হৈছে মোৰ সুখত কাৰণ তোমাৰ সুখত মই সুখী ৷
তুমি কিন্তু মোক ব্যৰ্থ প্ৰেমিক বুলি নাভাবিবা ৷
ফাগুণৰ বাত মতলীয়া হোৱা মাতাল প্ৰেমিক হৈ থকা নাই মই চন্দু এতিয়া তোমাৰ প্ৰেমৰ নিচাই মোক কোনো নিচাতে মগ্ন হ'ব নিদিয়ে মাথো বিচাৰে তোমাৰ সুখ সেয়াই মোৰ নিচা ৷ কাৰণ তুমিয়ে সলনি কৰি এই মাতাল দেৱদাস প্ৰেমিকজনক এখনি সুন্দৰ হৃদয় দান কৰিছিলা আকৌ প্ৰেমত পৰিব শিকাইছিলা ত্যাগ কৰিব শিকাইছিলা, সুখী হৈ জীয়াই থাকিব শিকাইছিলা…
হেই শুনা ফাগুণত চিৰচিৰকৈ ফাটি যোৱা চুটি চুলিকেইডালক চম্ভালিব শিকিবা খোপা বান্ধি ৰাখিবা কাৰণ তুমি এতিয়া এখন ঘৰৰ লখিমী বোৱাৰী ৷ নিজৰ সংস্কাৰ বুকুত বান্ধি সকলোকে মৰম সন্মানৰ ডোলেৰে বান্ধি ৰাখিবা ৷ মোক লগ পোৱাৰ হাবিয়াসখন কমোৱাৰ চেষ্টা কৰিবাচোন পাগলী ত্যাগ কৰিবলৈ শিক এতিয়া ৷ ভাবি লোৱা মই তোমাৰ মা দেউতাৰ ঘৰৰ এটি সম্পত্তি হে আছিলো যাক লগত নিয়াই নহ’ল তোমাৰ ৷
হেৰা চন্দু তোমাৰ প্ৰতিজ্ঞা আজিও ফুলি থকা গোলাপৰ কলি মৰহি যোৱা নাই… তুমি ভাল পোৱা নাছিলা ভেলেণ্টাইন দে উদ্যাপন কৰি তুমি কোৱা মনত আছে "তুমি কৰ্মত পশ্চিমীয়া কিন্তু সংস্কৃতিত অসমীয়া…" সেয়ে ভাল পাইছিলা নে গাওঁৰ এই জধলা ডেকাজনক ? সেই সংস্কৃতিৰে জীয়াই থাকা তুমি সুখেৰে মোৰ দুখক পাহৰি… তাকেই ক'ব খোজো কিন্তু লগ পাবও নিবিচাৰো তোমাৰ শিৰৰ সেন্দূৰী বাটত… আকৌ এবাৰ…
প্ৰান্ততঃ আৰু কি লিখিম তোমাৰ যুগ্ম জীৱনৰ লগৰী জনক মোক প্ৰিয় বন্ধু বুলি চিনাকী দিবা আজলী তই প্ৰেমিক বুলি ভুলতো নকবি ৷ তোমাৰ খবৰ পঠিয়াই থাকিবা মই সুখী হ’ম তোমাৰ সুখৰ বাৰ্তাতে লুকাই থাকিব মোৰ সুখ কিন্তু এটি অনুৰোধ দুনাই আৰু মোৰ ঠিকনাত এনেকৈ প্ৰেমৰ চিঠি নপঠিয়াবা কাৰণ তুমি এতিয়া আন এখন ঘৰৰ বোৱাৰী…
শিৰত জিলিকি থকা তোমাৰ সেন্দূৰ কণলৈ সুখৰ অশেষ শুভাশীষ থাকিল ৷

প্ৰান্তত-
তোমাৰ নীল আকাশ

ঠিকনাঃ সৃজনগ্ৰাম
দূৰভাষঃ ৯৫৭৭১৫২৩০৭